সেই দিনবোৰত আমি একেলগেই আছিলোঁ
দুখে তচনচ কৰা শাওণী হৃদয়ত
পলাশৰ ৰং বোলাইছিল হেঁপাহবোৰে
জীৱনৰ অমিয়া ৰাগত
আৱেগৰ তলা খুলিব নোৱাৰাকৈ
আমি প্ৰেমত পৰিছিলোঁ
সুৰ আৰু সন্ধ্যাৰ
মেঘালী,স্বপ্নালী আকাশীতৰাৰ
তেন্তে আছিল নেকি সেয়া ভ্ৰম
তোমাৰ উদাসী হৃদয়ৰ
জীৱনৰ কঠিন পৰত
তুমি তোমাৰ দিশে গ'লাগৈ
এটা বহুজাতিক অংক লৈ
শাওণৰ ৰং অচিনাকি বুলি কৈ
মৰহা পাপৰিৰ দৰে মোৰ হেঁপাহবোৰৰ
এতিয়া মাথোঁ অপেক্ষা শৰতৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ