মূলাগাভৰু কনকলতা তুমি সাহসী, নতুন অসমীয়া তুমি অসম কন্যা ।
দেশৰ মান উজ্জ্বল কৰি অসাধ্য সাধন কৰিলা নতুন ইতিহাস ৰছিলা ।
অসুবিধাক সুবিধালৈ পৰিণত কৰি, অভাৱক অভাৱ বুলি নাভাবিলা, কষ্ট কৰি দেশক দিলা উপহাৰ চিৰস্মৰণীয় শতিকাৰ অসমীয়াৰ সবল সাহসী নাৰী হৈ ।
অসমৰ অসমীয়াই এনে এটা দিনলৈ ৰৈ আছিল অধীৰ আগ্ৰহেৰে বহু বছৰ ধৰি, সীমিত সুবিধাৰ মাজেৰে কঠোৰ অনুশীলন কৰি অসমীয়াৰ মনত গৌৰৱ বুকুত দি বহুত
সুখ দিলা, তুমি সাহস কৰি ।
তুমিয়েই প্ৰথম নাৰী অসমীয়া নাম বিশ্ব ইতিহাসত লিপিবদ্ধ কৰিলা নতুন ক্ষেত্ৰত ।
ইমানবোৰ কষ্ট চিকাৰ কৰি অদম্য সাহস মনত লৈ ৰছিলা ইতিহাস ।