বিশাল সাগৰ ভৰি যায়,
টোপাল টোপাল পৰি বিহগৰ চকুপানী
নৈ পৰীয়া শিলটিৰো বেদনা জগায়।
বিহগৰ গীত উপচায়।।
অকলশৰীয়া হৈ অতীতৰ টোপোলা লৈ
নৈৰ পাৰতে বহি থাকো উটি ভাহি,
কন্ঠে পাহৰিলে চেনেহৰ মধু সুৰ
ওঁঠত নুঠে ফুটি প্রেমৰ মিঠা হাঁহি।
জাপ গ'ল ফুলি থকা চেনেহৰ পাহি।
নিজম বাটতে এৰি অকলশৰীয়া কৰি
দিঠকত কৰি মোৰ চেনেহৰ সপোন,
গ’লগৈ এৰি থৈ চেনেহী বতাহ
দি গ'ল বেজাৰ এক গোপন।
পমি যোৱা শিলটিহে লাগিছে আপোন।।
মৰমৰ মধু সুৰ হৃদয়ত তানি মোৰ
দিলা চিঙি চেনেহৰ তাৰ,
কিয় বাৰু হিয়াখনিত স্নেহ উপচায়
নয়নত বোৱালা মোৰ বিহগৰ ধাৰ।
দিলা চিঙি চেনেহী বীণাখনিৰ তাঁৰ।।
হৃদয় সজাত সাঁচি ৰখা চেনেহৰ কপৌ পাহি
গ'ল আকৌ নাহিলে দুনাই,
হিয়াত প্রজ্জ্বলিত চেনেহৰ দীপটিক
বিহগৰ বতাহে দিলেহি নুমাই।
দিলেহি বিহগৰ গীত উপচায়।।
✍️ সীমা ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ