নীহাৰিকা-দুলু দেৱী

©Admin
0
ছন্দোময় জীৱন পথত 
লগ পোৱা  তুমিয়েই 
নহয় জানো নীহাৰিকা?

দিবানে ৰ'দৰ ঠিকনা?
এগচি আশাৰ চাকি
এধানি ভালপোৱা অনুভূতি?

গজালি মেলিবলৈ 
সিৰাই উপসিৰাই
সেউজ প্রেমৰ ধাৰা?

নীহাৰিকা তুমিয়েই স্বপ্নৰ
 লাজুকীলতা,
বিশ্বাস আৰু নিৰাপওা
তোমাৰ আগমনত হৃদয়ত
বয় আনন্দৰ বন্যা

মিঠা প্রেমৰ নিজৰা
নতুন উন্মাদনা,,,,,,,

 ✍️ দুলু দেৱী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)