নাৰী তুমি অনন্যা-প্ৰি‌য়ংকা হাজৰিকা

©Admin
0
      শূণ্যতাৰ মাজত মুখৰিত আজি,
যন্ত্ৰণাময় জীৱনৰ কৰুণ বিননি।।
উৰিব খোজা মনৰ ভাঙি পৰা দুখনি
 ডেউকাৰ হৃদয় কম্পিত ছটফটনি
                  শুনিছোঁ......
সমাজৰ কঠোৰ শিকলিৰ চেপাত,
ভাঙি যোৱা কামিহাড়ৰ ক্ৰন্দনৰ আকুলতা।।
                 কিন্তু তুমি অসহায়!
হৃদয়ৰ কোণত গোপনে সাঁচি থোৱা দুখৰ,
যন্ত্ৰণাই আজি চিঞৰি উঠিছে মনৰ দুৱাৰত।।
                   কিন্তু তুমি মৌন!
প্ৰতিদিনে সহ্য কৰা বৰ্বৰ অত্যাচাৰক,
ঢাকি থোৱা চাদৰৰ আঁচলখনি আজি,
ভাগৰি পৰিছে তোমাৰ দেহৰ কম্পনৰ মাজত।।
               অথচ তুমি ভাগৰা নাই।।
কাঁইটীয়া পথৰ মাজেৰে,
আকৌ যাত্ৰা কৰিছা সমাজৰ,
শিকলিৰ মাজত আবদ্ধ হ'বলৈ।।
          অথচ .....
    তুমি অসহায়।।
     তুমি মৌন।।
তুমি ভাগৰুৱা নোহোৱা এটি,
ঢিমিক্‌-ঢিমিক্‌ কৈ জ্বলি পোহৰৰ বাট ,
হেৰুৱা এটি আশাৰ বন্তি।।
                     নাৰী তুমি অনন্যা।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)