একাঁজলী বিৰহ খণ্ড ১৩ - বিটুমনি ভূঞা কোঁছ

ৰামভাইৰ মুখত সকলো কথা শুনিবলৈ পালে ,তগৰৰ শহুৰেকে । তেওঁ দুখৰ হুমুনিয়াহ এটা কাঢ়ি ক'লে - "এখন ঘৰ তৈয়াৰ হ'ব পাৰে হৃদয়ৰ অনুভূতিৰে । এই অনুভূতিয়ে জন্ম দিয়ে ,দয়া ,ক্ষমা ,মৰম-স্নেহ ,মমতা ,পৰোপকাৰ ,অহিংসা ,শ্ৰদ্ধা ,সন্মান আদি গুণবোৰ ।পৰিয়ালৰ লোক সকলৰ মাজত ঘটে এই গুণসমূহৰ প্ৰতিফলন । আৰু লগে লগে থাকে পাৰস্পৰিক সহানুভূতি আৰু ভগাই খোৱা প্ৰৱণতা ।কিন্তু ৰামভাই , মোৰ পৰিয়ালৰ আচল মুৰব্বী মানুহ জনীৰ গাত এই গুণবোৰ একো নাই । এজনী নিৰ্দোষী ছোৱালীৰ ওপৰত অত্যাচাৰ ,ভগৱানে কঠোৰ শাস্তি প্ৰদান কৰিব বাপুৰ মাকক । এজনী নিষ্পাপ ছোৱালীৰ ওপৰত দোষ জাপি দিয়া বাপুৰ মাকৰ লগতে মোকো ভগৱানে ক্ষমা নকৰিব । পবিত্র আত্মাৰ অন্তৰে যদি অভিশাপ দিয়ে ,সেই অভিশাপৰ পৰা নিস্তাৰ নাই।"

ৰামভাই ,আজি মই এটা গোপন কথা কওঁ শুনিবি ।তইও আমাৰ পৰিয়ালৰ এজন সদস্য । কথাটো তই আগতেই জানিব লাগিছিল ।আমাৰ বাপুৰ এটা ডাঙৰ বেমাৰ আছিল । সুস্থ যেন লগা ল'ৰাটো হঠাৎ বাগৰি পৰে ,মুখেৰে ফেন ওলায় । সেই বাবে তাৰ লগত মই ছাঁ-টোৰ দৰে আছিলোঁ । স্কুল নপঢ়ালোঁ । ল'ৰাটোৰ বেমাৰ বাবে । বহু চিকিৎসা কৰিলোঁ ভাল নহ'ল । মানুহৰ জীৱনৰ আকাংক্ষাৰ কেতিয়াও পৰিসমাপ্তি নঘটে । আমিও সকলো জানি বুজি এজনী সৰু ছোৱালী বিয়া কৰায় দিলোঁ । আশা মাথোঁ নাতি এটা । বংশটো নহ'লে ইমানতেই শেষ হ'ব । সকলো ভবা মতেই আমি পালোঁ । কিন্তু এজনী নিৰ্দোষী ছোৱালীৰ জীৱনটো ধ্বংস কৰি আমি পাপত ডুবিলোঁ ।আজি মই বৰ অনুতপ্ত ।ৰামভাই , বোৱাৰীৰ দায়িত্ব মই তোক দিলোঁ । তাইক চকু দিবি । এতিয়া ঘৰলৈ যা ।গাখীৰৰ টেকেলি এটা বোৱাৰীক দিবি । মই কেইদিনমান ঘৰলৈ যাব নোৱাৰিম ।

ৰামভাইৰ মুখত তগৰৰ কাণ্ডবোৰ শুনি শাহুয়েকৰ বুকু কঁপি উঠিল । নিজৰ ভুলৰ বাবেই নাতিটো হেৰুৱাব লাগিব বুলি বৰ ভয় খালে ।তগৰক আৰু কেতিয়াও গালি নপৰাৰ প্ৰতিশ্ৰুতি দি আথে-বেথে ভাত খাবলৈ দিলে । শাহুয়েকৰ অকণমান মৰমে তাইক সকলো পাহৰাই দিলে । তাই আকৌ কামত হাত দিলে ।

তগৰৰ প্ৰসৱ পৰীক্ষা কৰিব লাগে । আশা গৰাকীয়ে ওচৰতে থকা চিকিৎসালয় খনলৈ লগ ধৰিলেহি ।অনিচ্ছাসত্ত্বেও শাহুয়েকে তগৰক যাবলৈ দিলে । বাহিৰৰ জগত খন বহু দিন দেখি নোপোৱা তগৰৰ মনটো মুকলি লাগিল । বাটতে ৰণক লগ পাইছিল । বগা ৰঙৰ সাজযোৰ দেখি তাৰ চকু সেমেকি উঠিল । আশা গৰাকীয়ে তাইক এই অৱস্থাত গধুৰ বস্তু দাঙিব নালাগে ,খৰ-ধৰকৈ খোজ কাঢ়ি কাম-বন নকৰিবলৈ উপদেশ দিছিল ।

তগৰৰ শাহুয়েকে ভাত ৰান্ধিবলৈ গৈ তগৰক চিয়ঁৰিলে ভিতৰত পানী নাই ।তগৰে ক'লে , "আই মোক আশা বাইদেৱে কুঁৱাৰ পৰা পানী তুলিবলৈ মানা কৰিছে।"

শাহুয়েক দাঙ খাই উঠিল ।সেইবাবেই মোৰ সেই জনীৰ লগত পঠিয়াবলৈ মন নাছিল । একেদিনাই শাহুয়েকৰ মুখত মাতিব পৰা হ'ল । হ'ব দে তই যেতিয়া ওচৰতে থকা কুঁৱাটোৰ পৰা পানী দুই বাল্টি আনিব নোৱাৰ , মইও ভাত ৰান্ধিব নোৱাৰোঁ । শাহুয়েক ওলাই যোৱা দৃশ্যটো চাই তাই ভাবিলে , কথাটো নোকোৱাকৈ থকা হ'লেই ভাল আছিল । তাই বাল্টিটো লৈ কুঁৱাৰ পৰা পানী আনিবলৈ গ'ল । 

আগলৈ...

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send