অসমৰ শিক্ষা ব্যৱস্থা আৰু ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত শিক্ষকৰ কৰণীয়-কনমনি নাথ

পংখী মৰাণ
0
" জ্ঞানৰ পোহৰ বিলাই,
জগত আলোকিত কৰা তুমি।
হে নমস্য গুৰু,
তোমাৰ বাবেই ধন্য এই জননী" _______

কোনো এজন শিশুৰ প্ৰাৰম্ভিক শিক্ষা পিতৃ-মাতৃ বা অভিভাৱক সকলে দিয়া বুলি কোৱা হয় যদিও, প্ৰধানকৈ কিন্তু বিদ্যালয়ৰ শিক্ষা শিক্ষক অবিহনে প্ৰকৃত জ্ঞান আহৰণ কৰা অসম্ভৱ। ঠিক সেইদৰে যিকোনো শিক্ষা আহৰণৰ ক্ষেত্ৰত কোনো এজন শিক্ষক অন্তৰ্ধান হৈ থাকেই। শিক্ষাৰ্থী এজনৰ কাৰণে সামাজিক ক্ষেত্ৰত শিক্ষক বা গুৰু এজন থাকে। 
প্ৰত্যেক জন মানুহৰ জীৱন প্ৰক্ৰিয়াৰ প্ৰতি খোজতে বিদ্যালয় বা বিশ্ববিদ্যালয়ত গ্ৰহণ কৰা শিক্ষাৰ উপৰিও নৈতিক শিক্ষাৰ খুবেই প্ৰয়োজন। সমাজ ব্যৱস্থাত শিক্ষক সকলৰ এক উল্লেখনীয় অৱদান থাকে। সমাজ এখন সুস্থ সৱল ৰূপত গঢ় দিয়াৰ ক্ষেত্ৰটো শিক্ষক সকলৰ বিশেষ দায়িত্ব সন্নিবিষ্ট হৈ থাকে। 
শিক্ষক সকলৰ শিক্ষাৰ্থী সকলক শিক্ষা প্ৰদান কৰি জীৱনটো সৰ্বাংগীন সুন্দৰ ৰূপত প্ৰতিষ্ঠিত কৰি তোলাৰ ক্ষেত্ৰত অপৰিসীম অৱদান থাকে।শিক্ষাৰ্থী সকলক জ্ঞানৰ মাধ্যমেৰে পোহৰ বিলাই, মানৱ জাতি আজি শিক্ষাৰ উৰ্দ্ধত থাকি নতুন নতুন চিন্তাৰ উদ্বেগ ঘটাই উন্নয়নশীল হ'ব পাৰিছে। শিক্ষা দান দিয়া প্ৰক্ৰিয়াটোৰ অন্তৰালত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সোমাই থাকে এক মধুৰ সম্পৰ্ক। যি সম্পৰ্কই গুৰু আৰু শিষ্যৰ আধ্যাত্মিক সূচনা তথা শিক্ষাৰ্থী সকলক পাঠ্য পুথিৰ জ্ঞান দিয়াৰ উপৰি এজন প্ৰকৃত মানুহ ৰূপত প্ৰতিষ্ঠিত কৰি তোলাৰ ক্ষেত্ৰতো অপৰিসীম দায়িত্ব পালন কৰে। শিক্ষক সকল সমাজৰ দায়িত্বশীল ব্যক্তি হিচাপে পৰিগণিত হৈছে।তেখেত সকলৰ কৰ্ম, নিষ্ঠা, আদৰ্শ, সহানুভূতি আৰু মনোভাৱ। সমাজখন সুশৃংখল ভাবে চলাই নিয়াৰ ক্ষেত্ৰত দায়িত্ব থাকে তেখেত সকলৰ নীতি, আদৰ্শ,দৃষ্টিভংগী বোৰ। অনুসৰণৰ মাধ্যমেৰে গঠন মূলক আলোচনা ভিত্তিত কাম বোৰ কৰা যায় তেতিয়া সমাজৰ পৰা অপশক্তি বা খেলি মেলি নঘটাকৈ সমাজখনৰ সৰ্বাংগীন সুন্দৰ হৈ  বিকাশ তথা উন্নয়ন হ'ব। শিক্ষাৰ্থী সকলে প্ৰাৰম্ভিকতে যিকোনো শিক্ষা আহৰণ কৰিবলৈ অধিক জটিলতাৰ সন্মুখীন হয়। কিন্তু মহান শিক্ষক সকলৰ নানা কৌশল অৱলম্বন, কষ্ট স্বীকাৰ কৰি শিক্ষাৰ্থী সকলক জ্ঞান দিয়াৰ কাৰ্যত ব্ৰতী থাকি জ্ঞান প্ৰদান কৰে। এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত নানা কষ্ট স্বীকাৰ  আৰু শিক্ষক সকলৰ অপৰিসীম দায়িত্ব, নিষ্ঠা সহকাৰে শিক্ষা প্ৰদান কৰাৰ ফলত যেতিয়া শিক্ষাৰ্থী সকল শিক্ষাৰ পোহৰেৰে আলোকিত হৈ সৎ মানুহ ৰূপত প্ৰতিষ্ঠিত হয় তেতিয়া শিক্ষাৰ্থীৰ লগতে মহান শিক্ষক সকলে সুখী অনুভৱ কৰি আনন্দ লাভ কৰে। 
মহান শিক্ষক সকলক সন্মান জনায় সমগ্ৰ ভাৰত বৰ্ষত প্ৰত্যেক বছৰৰ ৫ ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।
সাম্প্ৰতি সমগ্র বিশ্বৰ লগতে অসমটো কৰ'ণা ভাইৰাছ সংক্ৰমনে প্ৰায় বোৰ দিশ স্তব্ধ কৰি তুলিছে। তাৰ ভিতৰত বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ ক্ষেত্ৰত অধিক পৰিমাণে ক্ষতি সাধন হৈ পৰিছে। যাৰ ফলস্বৰুপে শিক্ষাৰ্থী সকলৰ অধ্যয়নৰ ক্ষেত্ৰত মনোযোগ কমি যোৱা যেন অনুভৱ হৈছে। কিয়নো শিক্ষা এক অবিৰত প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াত শিক্ষক সকলে শিক্ষাৰ্থী সকলক পাঠ দানৰ মাধ্যমেৰে শিক্ষা দান দিয়ে, তেতিয়া সেই শিক্ষাৰ মানদণ্ড উন্নত হোৱা স্বাভাৱিক।গতিকে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত ওতঃপ্ৰোত মধুৰ সম্পৰ্ক থকাৰ প্ৰয়োজন থাকে বা থকাটো উচিত। কিন্তু বৰ্তমান কৰ'ণা ভাইৰাছৰ প্ৰভাৱে শিক্ষক,ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুষ্ঠান সমূহৰ মাজৰ সম্পৰ্কবোৰ বিচ্ছিন্ন কৰি তুলিছে। 
      শিক্ষানুষ্ঠান হ'ল শিক্ষাৰ্থী সকলৰ গতানুগতিক সামাজিক শিক্ষা অনুষ্ঠান। যি অনুষ্ঠানত শিক্ষক সকলে বিভিন্ন শিক্ষাৰ মাধ্যমেৰে শিক্ষাৰ্থী সকলক অধিক জ্ঞান দিয়াত ব্ৰতী হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষিত কৰি তোলাৰ ক্ষেত্ৰত অপৰিসীম দায়িত্ব বা অৰিহণা যোগায়। সেয়ে শিক্ষাৰ্থী সকলৰ শিক্ষানুষ্ঠান সমূহ হ'ল মন্দিৰ সদৃশ। কিন্তু বৰ্তমান শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক বোৰ গতানুগতিক পদ্ধতিৰ স্থাপন হোৱা নাই তাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থী সকলৰ অধিক পৰিমাণে ক্ষতি সাধন হৈ পৰিছে। এই পৰিৱেশৰ ওপৰত ভিত্তি কৰি কিছু সংখ্যক শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰী সকলৰ উদ্দেশ্যি মহান শিক্ষক সকলে অনলাইন বা মোবাইল হোৱাটছএপ যোগে পাঠদান দিয়াৰ ব্যৱস্থা কৰা দেখা গৈছে। শিক্ষাৰ্থী সকলক মোবাইলত অনলাইন পদ্ধতিৰ জৰিয়তে শিক্ষা দিয়াৰ সুবিধা কৰিছে যদিও শিক্ষাৰ্থী সকলে সঠিক ধৰণে শিক্ষা গ্ৰহণ কৰিব পৰা হোৱা নাই কাৰণ সকলো ছাত্ৰ-ছাত্ৰী বা অভিভাৱক সকলৰ হাতত এণ্ড্ৰইড মোবাইল ফোন নাই বা হঠাৎ ক্ৰয় কৰি অনাৰ ক্ষমতা নাথাকে আৰু অঞ্চল বিশেষে মোবাইল নেটৱৰ্কৰ অভাৱ হোৱা হেতুকে এনে অনলাইন পদ্ধতিৰ শিক্ষা ব্যৱস্থাটো অধিক ফলপ্ৰসূ হোৱা নাই যদিও কিছু পৰিমাণে হ'লেও শিক্ষাৰ্থী সকলে শিক্ষাৰ কিছু আভাষ আয়ত্ব কৰিব পাৰিছে। কিন্তু যি সকল ছাত্ৰ ছাত্ৰী তেনে শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হৈ পৰিছে বা অশিক্ষিত পৰিয়ালৰ ছাত্ৰ- ছাত্ৰী সকল ঘৰুৱা শিক্ষাৰ পৰা বিৰত থাকিব লগা হোৱাত পঢ়া দিশত অধিক ক্ষতি সাধন হৈ পৰিছে।
ইয়াৰ উপৰি উচ্চ শিক্ষাৰ শিক্ষাৰ্থী সকলে শিক্ষাৰ নানা ডিগ্ৰী,ডিপ্লমা, চাৰ্টিফিকেট আদিকে ধৰি শ্ৰেণীৰ পাঠ দান সমূহ পিছুৱাই গৈ জীৱনৰ গতিপথ ৰুদ্ধ কৰি আশা বোৰৰ মাজত বাস্তৱিক বিভ্ৰান্তিয়ে খেলি মেলি কৰি তুলিছে।
এনে পৰিস্থিতিৰ বাবে বিদ্যালয় আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক বোৰ বিচ্ছিন্ন হৈ পৰিছে।পাঠ্যপুথিৰ বিষয় বস্তু সমূহ আহৰণ কৰিব নোৱাৰি শিক্ষাৰ্থী সকলৰ পঢ়া পাতিৰ প্ৰতি আগ্ৰহ কমি বিদ্যালয় আৰু শিক্ষাৰ মাজত সম্পৰ্ক নোহোৱা হৈ পৰিছে। যাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যতৰ গতিপথ ৰুদ্ধ কৰি তুলিছে। বহুতৰ আশা বাস্তৱিক হোৱাৰ পথত সমগ্ৰ বিশ্ব স্তব্ধ হৈ সকলোকে দিশহাৰা কৰি তুলিছে। সেয়ে শিক্ষাৰ্থী সকলৰ ভৱিষ্যতৰ কথা আগত ৰাখি গতানুগতিক শিক্ষা পদ্ধতি কি দৰে কৰিব পাৰি তাৰে ওপৰত ভিত্তি কৰি এক সুস্থিৰ চিন্তাৰ মাধ্যমেৰে শিক্ষাৰ মানদণ্ড উন্নত কৰি ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাৰ ক্ষেত্ৰত অধিক শিক্ষা আহৰণ কৰাত সহায় কৰিব পাৰি সেই ক্ষেত্ৰত মহান শিক্ষক সকলেও উপায় উলিওৱাৰ ব্যৱস্থা কৰিব লাগে। 
বৰ্তমান সময়ৰ পৰিস্থিতিয়ে শিক্ষাৰ মানদণ্ড বহু পৰিমাণে পিছুৱাই লৈ গৈছে এক মাত্ৰ কৰ'ণা ভাইৰাছ অৰ্থাৎ ক'ভিড-১৯ নামৰ বীজাণু বিধৰ কাৰণে যদি বৰ্তমানৰ এই গতিত শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ থাকে তেতিয়া ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যতৰ শিক্ষাৰ ক্ষেত্ৰখন অধিক পৰিমানে ক্ষতি সাধন হৈ শিক্ষাৰ মানদণ্ড বহু পৰিমাণে পিছুৱাই যাব। সেয়ে নতুন চিন্তাৰ মাধ্যমেৰে শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ অৰ্থে শিক্ষাৰ্থী সকলক অধিক পাঠ দান কৰাৰ কাৰণে বিশেষ সু-ব্যৱস্থা লোৱাৰ উপযুক্ত সময় আহি পৰিছে। এই ক্ষেত্ৰত শ্ৰদ্ধাৰ শিক্ষক সকলে বিশেষ ভূমিকা গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা প্ৰদান কৰাৰ বিশেষ উপায় অৱলম্বন কৰি হ'লেও "শিক্ষা দান মহান দান" এই উক্তিষাৰ সঠিক ধৰণেৰে প্ৰয়োগ কৰাৰ যথোপযুক্ত সময় আহি পৰিছে সেয়ে শিক্ষক সকলে উন্নত শিক্ষা দান দিয়াৰ ব্যৱস্থা উলিয়াই সমাজত আৰু বিশেষ হিচাপে পৰিগণিত হোৱাৰ সুযোগ লাভ কৰিব বুলি ক'ব খোজো। নহ'লে ছাত্ৰ-ছাত্ৰী সকল মানসিক ভাৱে অধিক দুৰ্বল হৈ বিপথে পৰিচালিত হোৱাৰ আশংকা থাকে। গতিকে বৰ্তমান অসমৰ শিক্ষা ব্যবস্থাত ছাত্ৰ-ছাত্ৰী সকলৰ অধ্যয়নৰ ক্ষেত্ৰত মহান শিক্ষক সকলে বিশেষ ভূমিকা গ্ৰহণ কৰাৰ উপযুক্ত সময় আহি পৰিছে বুলি অনুভৱ কৰোঁ।
হে নমস্য গুৰু,
তোমাৰ বিনে জগত 
এন্ধাৰে গ্রাহ কৰি
মানৱ জাতি দিশহাৰা কৰি তুলিব।
হে গুৰু তুমিয়ে হ'লা
জগতৰ মহান।
তোমালৈ যাচিলোঁ প্ৰণাম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)