বাৰ্তা- নাট্যপ্ৰেমীৰ সুখবৰ | শকুন্তলা নাট্য গোষ্ঠী

Rinku Rajowar
0
দুটা বছৰে মহামাৰী কৰুনাৰ বাবে বিধ্বস্ত হৈ পৰিছে সামাজিক , সাংস্কৃতিক মাধ্যম। আৰু এই কৰুনাতংকৰ মাজতে নাট্যপ্ৰেমীৰ বাবে আহিছে এটি  সু খবৰ।বিগত বৰ্ষৰ বিৰতিৰ অন্তত আকৌ আপোনালোকৰ মাজলৈ আহি আছে অসমৰ হেৰাই যাবলৈ খোজা এটি বিৰল সম্পদ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ।এটা বৰ্ষৰ বিৰতিৰ পিছত আকৌ নাট প্ৰদৰ্শনৰ প্ৰস্তুতি চলায়ছে অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ সৰু ডাঙৰ প্ৰায়বোৰ  নাট্য দল,আৰু যাত্ৰাদল সমুহে। চৰকাৰৰ নীতি নিৰ্দেশনা পালন কৰি নাটক প্ৰদৰ্শনৰ বাবে আগবাঢ়িছে নাট্যদল সমুহ।আৰু এই বছৰো ব্যতিক্ৰম হোৱা নাই নলবাৰী জিলাৰ পৰা আত্মপ্ৰকাশ কৰা শকুন্তলা নাট্য গোষ্ঠী।

            যোৱা আঁঠটা বৰ্ষৰ বিপুল সফলতাৰ আঁত ধৰি এটি বছৰ বিৰতিৰ অন্তত আকৌ নাট প্ৰদৰ্শনৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈছে শকুন্তলা নাট্য গোষ্ঠী।যোৱা ২৮/০৮/২০২১ শনিবাৰে বৰবৰী অঞ্চলৰ নিজ কাৰ্যালয়ত তেওঁলোকে এইবৰ্ষ (নৱম)ৰ আখৰা গৃহ শুভ উন্মোচন কৰে।
        এই বৰ্ষত তেওঁলোকে নিৱেদন কৰিব ভাস্কৰজ্যোতি তালুকদাৰৰ #মায়াবী প্ৰেম# আৰু #অভাগিনী নাৰী#।য'ত অভিনয় কৰিব সকলোৰে জনপ্ৰিয় নাট্যকাৰ ,অভিনেতা  ভাস্কৰ তালুকদাৰ, নিপন চক্ৰবৰ্তী,ভৱেশ কলিতা,ৰতন তালুকদাৰ, অশোক তালুকদাৰ,দুলাল ডেকা, মনোকৌশলতি, চুমু আৰু কাৰ্তিক ডেকাৰ লগতে জনপ্ৰিয় উদীয়মান অভিনেত্ৰী মালতী লহকৰ প্ৰিয়ংকা কলিতা ,ৰিতুপৰ্ণা ডেকা আৰু পুষ্পাঞ্জলী। নাট্যদলটোত সংগীত ব্যৱস্থাপনা কৰিব নিৰঞ্জন দাস আৰু বিনয় কলিতা।

            নাট্যদলটোৰ পৃষ্ঠপোষক প্ৰভাত কাকতি আৰু বিপিন তালুকদাৰ। মুখ্য উপদেষ্টা প্ৰদীপ ভট্টাচাৰ্য আৰু দেৱজিৎ ডেকা। নাট্যদলটোক আপোনালোকৰ কাষত পাবলৈ আজিয়েই যোগাযোগ কৰক:9707124271,9901762933.এতিয়া নাট্যপ্ৰেমী ৰাইজৰ মৰম আৰু আৰ্শীবাদ বিচাৰিছে নাট্যদলটোৰ সমুহ কৰ্ম কৰ্তা আৰু কলা কৌশলি এই।


                                       
📝শ্ৰী জুমন বৰা,যোৰহাট

             
                           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)