মই যদি অসমৰ জাতীয় নায়ক হ'লোহেঁতেন-ইমাম হুছেইন

©Admin
0
মোৰ সপোনবোৰ কল্পিত-অকল্পিত।সময়ৰ তুলনাত মই এজন স্বাৰ্থপৰ।কিয়নো সৌ-সিদিনা অসমৰ সুকন্যা লাভলীনাই বিশ্বৰ দৰবাৰত অসমৰ নাম জিলিকাই তুলিছিল।ঠিক কেইদিনমান পাছতে অসমৰ আন এজনী কন্যা নন্দিতা শইকীয়াৰ হত্যাই অসমৰ লগতে সমগ্ৰ দেশজুৰি তোলপাৰ লগোৱা ঘটনা বৰ্তমান ৰহস্যৰ আৱৰ্তত।দেশখনত হৈছে কি? সাধাৰণ জনতাৰ ওপৰত মূল্য-বৃদ্ধিৰ মণ্ডাৱস্থা,দেশৰ অস্থিৰতা,সীমা বিবাদ,নাৰী নিৰ্যাতন, ধৰ্ষণ,বলাৎকাৰ আৰু হত্যা আদিৰ দৰে ঘটনা গা কৰি উঠিছে এইখন মানৱ সভ্য সমাজত।গতিকে মই যদি অসমৰ জাতীয় নায়ক হ'লোহেঁতেন তেন্তে এই ঘটনা সংঘটিত কৰা সকলৰ বিৰুদ্ধে একত্ব যুদ্ধ ঘোষণা কৰিলোঁ হেঁতেন ।লগতে নাৰীৰ লগত হোৱা দূৰব্যৱহাৰৰ চৰম শাস্তি দিলোহেঁতেন শিলৰে ।মাটিত অৰ্ধপোত কৰি পাষণ্ডক শিলেৰে মাৰি মাৰি অসভ্য মানৱক সভ্য লৈ পৰিৱৰ্তন কৰিলোহেঁতেন।গো-সুৰক্ষাতকৈ নাৰী সুৰক্ষা প্ৰদান কৰাত মোৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিলহেঁতেন। ডিব্ৰুগড়ৰ মাজ মজিয়াত প্ৰেমজনিত হত্যা সংঘটিত কৰাৰ সাহস কৰিলে কেনেকৈ? মোৰ বিধানমতে ৰিন্টু শৰ্মা নামৰ নাৰী হত্যাকাৰীক অসমৰ ৰাজহুৱা স্থানত অৰ্ধপোত কৰি শিলেৰে মৰিয়াই মৰিয়াই ৰাজহুৱা হত্যা কৰিবলৈ আইন বনালোহেঁতেন। দেশখনত নাৰীক সন্মান দিব নজনা ব্যক্তিক জেলত ভৰাই দেশৰ শাসন অধিক কটকটীয়া কৰিলোহেঁতেন।ফাৰ্ষ্টেক আদালতৰ বিচাৰযোগ্য ফাঁচীৰে নিদি ৰাজহুৱাকৈ মাটিত অৰ্ধপোত কৰি পাষণ্ডজনক শিলেৰে মৰিয়াই মৰিয়াই মৃত্যু দণ্ড দিলোহেঁতেন।এনেহেন আইন প্ৰণয়ন কৰিব পাৰিলে নাৰী-পুৰুষ নিৰ্যাতনৰ বলি হ'ব লগা নহ'ব।সেয়ে জাতীয় নায়কৰ প্ৰয়োজন।

✍️ইমাম হুছেইন
ছাত্ৰ,বিশ্বনাথ মহাবিদ্যালয়
পঞ্চম ষান্মাসিক(বি.এচ.ছি)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)