লোহাৰ শিকলিৰ ভৰত জথৰ মোৰ আলসুৱা দেহা।
সোণালী ৰঙৰ সলনি এয়া মোৰ ক্ষত বিক্ষত ,
দূৰ্বল শৰীৰ।
নাই আশা ,নাই সপোন ,।
অকলশৰে থাকিব নোৱাৰা মই যে আজি,
সদায় অকলে ....অন্ধকাৰ কুঠৰীত ,
অকলশৰে।
এতিয়া যে পুৱাৰ সূৰুযৰ কিৰণ নেদেখোঁ,
নেদেখোঁ অস্তগামী সূৰুযৰ হেঙুলীয়া ৰং।
জোনৰ জোনাকো যে বহুদিন দেখা নাই ।
বেষ্টনীৰ মাজত কোঠাৰ বাহিৰলৈ ...
পুৱা এবাৰ ,আবেলি এবাৰ ...
আহাৰ ....পানীৰ সোৱাদ ল'বলৈ..।
কেতিয়াবা ডাঠ শুকান ৰুটি,
কেতিয়াবা এটুকুৰা পাওঁ ৰুটি..।
পুৱা ব্ৰেড বাটাৰ খাই ভাল পোৱা মই এতিয়া,
এইবোৰ খাব নোৱাৰি ওকালি দিওঁ বাৰে বাৰে।
ভাতৰ নামত ভাত আৰু এবাটি দাইল ৰঙৰ পানী ।
নাখাই নোৱাৰি, খাবই লাগিব,
নহ'লে যে তাকো হেৰুৱাব ।
কৰ্কশ মাতৰ নিৰ্দেশত পুনৰ শাৰী পাতি,
শিকলি চোচৰাই চোচৰাই নিজৰ চেললৈ সোমাওঁ।
লোহাৰৰ দৰ্জাৰ প্ৰকাণ্ড তলা লগোৱা কৰ্কশ শব্দ...।
আজীৱন কাৰাবাসী মই ।
ভদ্ৰতাৰ মুখা পিন্ধা স্বামী
নামৰ অসুৰ এটাৰ প্ৰাণ লোৱা কয়দী মই।
এজনী নাবালিকাৰ প্ৰাণলোৱা ,
এটা নৰপশুৰ উশাহ বন্ধ কৰা দাগী অপৰাধী
আজীৱন কাৰাবন্দী মই।
কাৰাগাৰত মই।
✍️লক্ষিমী বৰা শইকীয়া। গড়মূৰ। মাজুলী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ