অভিনন্দন লাভলীনা-নিভা লয়িং

Unknown
0
সূৰ্য উঠা দেশত তোমাৰ নাম উজ্বলিল,
বিশ্বই চিনিলে ভাৰত কন্যাৰ অদম্য সাহস।

প্ৰথম ৰাউণ্ডত বাই পাই, আগুৱাইছিলা স্বৰ্ণ জয়ৰ দিশে,
চাইনীজ টাইপেৰে শক্তিশালী প্ৰতিদ্বন্দীক ধৰাসায়ী কৰি,
পাৰভঙা আনন্দৰ জোৱাৰ নমাইছিলা।

তোমাক লৈ ৰচিছিল সকলোৱে
ৰোমাঞ্চকৰ সপোন,
কোটি কোটি জনতাৰ হিয়া কঁপাই
আনন্দৰ চকুলো বোৱালা।

নিৰ্ভীক হৈ মুক্ত মনে খেলিলা,
ভুচেল ছাৰ্মেনেলীকো তীব্র খেলৰ চমক দিলা।
যদিও তুমি হাৰিলা, তথাপিও তুমি জিকিলা।

 আমাৰ জয়ৰ সপোন,
দিঠকত পৰিণত কৰিলা,
ব্ৰঞ্জৰ পদক আজুৰি আনি,
বিশ্ব ইতিহাসত সোণালী আখৰেৰে
খোদিত কৰিলা ভাৰত কন্যা
লাভলীনা।

তুমিয়ে আধুনিক অলিম্পিকৰ
এশ পঁচিশ বছৰীয়া ইতিহাসৰ প্ৰথমটো পদক উপহাৰ দিলা অসমক।

তোমাৰ দিগ্বিজয়ৰ গতি
অব্যাহত ৰাখা,
আগুৱাই যোৱা স্বৰ্ণজয়ৰ দিশে।

✍️নিভা লয়িং
   পাণবজাৰ, গুৱাহাটী-০১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)