সংঘাত-প্ৰথম খণ্ড - মামণি বৰঠাকুৰ

খিৰিকীখন খুলি দি অৰুনিমাই চাই পঠিয়ালে , আগনিশা বৰষাই ধুৱাই নিয়া পৃথিৱীখনৰ অপৰূপ সৌন্দর্য ৰাশি  !

সেন্দূৰ ৰক্তিম আভাৰে ৰঞ্জিত সেউজীয়া পাতত 
টোপাটোপে বৰষুণৰ কণিকা বোৰে যেন ন-কইনা 
সাজি, নতুন প্রতিশ্রুতিৰে আগুৱাই আহিল। 
আৰু এটা দিনৰ আৰম্ভনি। !

যেনেকৈ তায়ো এদিন কোটি পটি ব্যৱসায়ী পলাশৰ লগত ন-কইনা হৈ আহিছিল অচিনাকি এখন ঘৰলৈ, এখন অতৃপ্ত  হৃদয় লৈ। 

কিমান দিন     !   কিমান দিন    ! 

আজিৰ পৰা প্ৰায় বাৰ বছৰেই হব। 
তাইৰ  মন উৰি গ'ল বাৰ বছৰৰ আগৰ সেই দিনবোৰলৈ। 

অৰুনিমা চোৱা এইটো কি ?
"ও.....",
প্লীজ চোৱা না, এইয়া কি আনিছো ! 

ৰাজৰ কথাত তাই অভিমান আঁতৰাই থৈ ক'লে, 

ঘড়ীলৈ চোৱা, কেইটা বাজিল  !  তেওঁ মহাপুৰুষ 
মোক অপেক্ষা কৰাই নিজে  ............!
তাইৰ কথা শেষ হবলৈ নাপালেই, ৰাজে তাইৰ 
হাতখনত থাপ মাৰি ধৰি আধা ফুলা গোলাপৰ 
কলি এটা গুজি দিলে। 

তাই মিচিকি  হাঁহি এটিৰে ক'লে, আজি মোৰ 
জন্মদিন, আবেলি লৈ আমাৰ ঘৰলৈ আহিবা 
কিন্তু, নহ'লে নহ'ব। 

আৰে তোমাৰ জন্মদিন মই নাযাম, সেয়াটো
হ'ব নোৱাৰে, নিশ্চয় যাম !

আৰু ৰাজ গৈছিল। সেই দিনা এঘাৰ বজালৈকে
সিহঁতৰ ঘৰত পাৰ্টী চলিছিল। 

বিকাশ, মৃদুল, হতঁক লগত লৈ সেই দিনা ৰাজে
প্রাণ ঢালি গান গাইছিল,আনন্দ কৰিছিল। 

খুব জনপ্রিয় আছিল ৰাজ। 

পঢ়া-শুনা , খেলা-ধুলা সকলো বিষয়তে  আগৰণুৱা ।
তাৰোপৰি কৌতুক প্রিয় ৰাজে সকলোৰে লগত  
বন্ধুত্ব বজাই ৰাখিছিল। 

সৰুৰে পৰা একেলগে পঢ়া-শুনা কৰা অৰুনিমাৰ 
ৰাজৰ লগত সম্পর্কটো, বন্ধুত্বতে আবদ্ধ আছিল
যদিও কেতিয়ানো সি প্রেমলৈ পৰিৱৰ্তন হ'ল, সিহঁতে গমেই নাপালে  ..! 
প্রেম আহে গোপনে ......! 
সংগোপনে .....!

     ক্ৰমশঃ.........

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send