বহুত প্ৰতিযোগীক
অতিক্ৰম কৰিছিলোঁ,
সৰু কালৰ লক্ষ্য
পূৰণ কৰিছিলোঁ।
আৰু এতিয়া ?
মই হেনো এতিয়া
ডাঙৰ বিষয়া !
দেশৰ উচ্চ বিষয়া !
এ চি ৰুমত বহো,
এ চি গাড়ীত উঠো,
মন্ত্ৰীয়ে যি কয়
চকু মুদি শুনো !
মন্ত্ৰীয়ে দিয়া কাম
বিনা বাক্যই কৰোঁ !
নিজৰ মগজু,
নিজৰ বিবেক,
নাই আৰু প্ৰয়োজন !
ৰজাৰ আজ্ঞা পালন কৰাই
এতিয়া মোৰ একমাত্ৰ দৰ্শন !
কিয়নো,
মই হেনো এতিয়া
ডাঙৰ বিষয়া !
দেশৰ উচ্চ বিষয়া !
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ