কৰ্মচিন্তন-কুইন বৰা

Rinku Rajowar
0
আচলতে সুস্থ মগজুৱে লোৱা সিদ্ধান্তবোৰত মনে সহযোগ নকৰিলে যোগাত্মক চিন্তা- ভাৱনাবোৰো কেতিয়াবা অথলে যাব পাৰে। উপযুক্ত সময়ত লোৱা সঠিক সিদ্ধান্ত এটাই আপোনাৰ গোটেই জীৱনটো পোহৰাই তুলিব পাৰে। সেয়েহে নতুন কাম এটা প্ৰথমতে কৰিবলৈ আগবাঢ়িলে কামটোৰ প্ৰতি প্ৰথমে আস্থা ৰাখিব লাগিব। যেনেকৈ এজন চিকিৎসকৰ তাত বেমাৰ- আজাৰ দেখুৱাবলৈ গলে তেওঁৰ ওপৰত বিশ্বাস ৰখাটো একান্ত প্ৰয়োজনীয়, ঠিক তেনেকৈ নতুন কামটোৰ ওপৰতো আপুনি অধিক বিশ্বাস ৰাখি আগবাঢ়িব লাগিব । অন্যথা আপুনি সুকলমে কামটো সমাধা কৰাত অসুবিধাৰ সন্মুখীন হব পাৰে। আচলতে কৰিবলৈ লোৱা নতুন কামটোৰ ওপৰত এজন ব্যক্তিৰ মানসিক স্থিতিয়ে বহুতখিনি প্ৰভাৱ পেলায়। যদি লাগতিয়াল সময়ত আপুনি মনৰ দুৱাৰখন বন্ধ কৰি ৰাখে, কেতিয়াবা হয়তো সেই সময়ত আপোনাৰ ওচৰলৈ অহা সুবৰ্ণ সুযোগ হেৰুৱাৰ থল থাকি যায়। এইখিনিতে আৰু এটা কথা ক'ব বিচাৰো যে আমাৰ জীৱনলৈ এনে সুন্দৰ কামৰ সুযোগ এবাৰেই আহে । প্ৰকৃততে এজন জ্ঞানী, দায়িত্বশীল আৰু স্বাভিমানী ব্যক্তিয়ে আগ- পিছ গুণী আটাইবোৰ কথা ভালদৰে ফঁহিয়াই চাইহে বিশেষ নতুন কাম এটালৈ আগবাঢ়ে। 
           এজন ব্যক্তিৰ কৰ্মৰ প্ৰতি অত্যন্ত ভালপোৱা থাকিলে তেওঁ কোনোদিনেই কৰ্মহীন হব নোৱাৰে। কৰ্মই আপোনাৰ কপালৰ ৰেখা কেইডালকো সময়ৰ আহ্বানত কেতিয়া সলাই পেলাব আপুনি ততেই ধৰিব নোৱাৰিব। ইয়াৰ বাবে আপোনাৰ হাতত অস্ত্ৰ হিচাবে লাগিব অলপমান ধৈৰ্য্য, সাহস, আত্মসন্মান আৰু নিজৰ ওপৰত একান্ত বিশ্বাস।
        
                     কুইন বৰা, নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)