পালেগৈ ইটোৱে সিটোক এখন্তেকো নেদেখাকৈ থাকিব নোৱাৰা হ'ল।
"ৰাজ....... !"
"ও..... কোৱা, "
মই হয়তো তোমাৰ বাবেই পৃথিৱীলৈ আহিছোঁ।
"অ', তুমিটো মোৰেই !, ইয়াত আৰু ক'বলৈ কি আছে ?
"
"তুমি একো কথাকে চিৰিয়াচলি নোলোৱা।
মই কিন্তু সঁচা কৈ কৈছোঁ। তুমি অবিহনে মোৰ
জীয়াই থকা অসম্ভৱ। "
" ধেৎ আকৰিজনী, ইমান অধৈর্য নহ'বাচোন, তোমাক মই এদিন নিজৰ কৰি ল'মেই। "
";মোৰ কিবা সংস্থাপন এটা হ'লেই মই নিজে তোমাৰ ঘৰত গৈ কথাটো ক'ম। ;"
"আৰু মোক ইমান দিন ঘৰত ৰাখি থ'ব ।গ্ৰেজুৱেচন
টো কৰিলোৱেই । মাষ্টাৰ ডিগ্রী টো কৰিম বুলি ভাবিছোঁ। জানো কি হ'য়। "
"কৰা আকৌ, তেতিয়ালৈকে মোৰো কিবা এটা গতি
লাগিব। "
"নহয় অ', কেতিয়াবা ভয় হয় ! "
"কিয়.... ? "
"যদি তুমি হেৰাই যোৱা ?"
."............ ...…"
"এই কি কথাবোৰ ভাবা তুমি ! চোৱা মোৰ চকুলৈ
চোৱা। "
ৰাজে তাইক একেবাৰে কাষ চপাই আনিলে।
"এই চকু দুটাত বিশ্বাসৰ ছবি দেখিচানে, নে মোৰ
ওপৰত তোমাৰ অলপো বিশ্বাস নাই ? "
"ৰাজ" বুলি তাই তাৰ মুখত হাত দি উচুপি উঠে।
"নক'বা ৰাজ , নাজানো মোৰ কেতিয়াবা কি হৈ
যায়। দেউতালৈ ভয় হয়,যিহে জেদী মানুহ, যদি হে
নিদিয়ে তেতিয়া কি হ'ব। বিয়া দিবলৈ কথা উলিয়াইছে। কাৰো কথা তেওঁ নামানে। কি হ'ব মোৰ ভবিষ্যতে একো ভাবিব নোৱাৰা হৈছোঁ। "
তাই উচুপি থাকিল। ৰাজে তাইক দুহাতেৰে আকোঁৱালি লৈ চুমাৰে উপচাই পেলালে।
"ব'লা বহু দেৰি হ'ল। তুমি নিশ্চিত থাকা। মই কিবা এটা কৰিম , নাকান্দিবা, আহা !"
বাইক খন ষ্টাৰ্ট কৰি ৰাজে তাইলৈ চাই ক'লে,
"সৌ অস্তগামী সূৰুযটোলৈ চোৱা।
আন্ধাৰে আকোঁৱালি লোৱা সময়লৈকে পোহৰ বিলায় গৈছে। হেঙুলীয়াবোৰে চোৱা চোন কেনেকৈ
সাবতিছে মনোমোহা ধৰাখনি !
হাজাৰ ধুমুহা আহিলেও মই সদায়ে তোমাৰ। "
সেইদিনা এটা ভৰা মন লৈ তাই ঘৰ সোমাইছিল।
নতুন সপোন কিছুমানে অগা-দেৱা কৰিছিল
মনৰ মাজত। প্রেমৰ গোলাপ কলিটিয়ে পাহি
মেলিছিল ৰামধেনুৰ সাতোৰঙে যেন ফাকুগুৰি সিঁচিছিল চৌদিশে !
ভগৱানক প্রাৰ্থনা কৰিছিল তাই , ৰাজ ৰ
যাতে সোনকালে কিবা চাকৰি এটা হয়।
আকাশত পূৰ্ণিমাৰ জোনটোয়ে চৌদিশে
পোহৰৰ দলিচা পাৰিছিল। অৰুনিমা নিদ্রা দেৱীৰ
কোলাত ঢলি পৰিল।
ক্ৰমশঃ...
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ