শিশু শিক্ষাৰ পৰিৱেশ-পৰিতৃষ্ণা হাজৰিকা

©Admin
0
শিশু শক্তি হʼল আমাৰ সমাজৰ এক প্ৰবল শক্তি।আজিৰ শিশু সকল কালিলৈ দেশৰ নাগৰিক।দেশৰ ধৰণী স্বৰূপ এই শিশুসকলৰ মাজতেই ৰোপন হৈ আছে ভৱিষ্যতৰ আশাৰ বীজ। শিশুসকলক সমাজ তথা দেশৰ একোজন সু-সম্পদ হিচাপে গঢ়ি তুলিবলৈ প্ৰয়োজন হʼব আমাৰ ঘৰখন আৰু আমাৰ চৌপাশৰ পৰিৱেশ। কাৰণ এজন শিশুৱে ঘৰখনতেই     প্ৰথমতে আৰম্ভ কৰে তেওঁৰ শিক্ষা।মাক - দেউতাক,ওচৰ - চুবুৰীয়া, সমাজ ব্যৱস্থা আৰু লাহে লাহে বিদ্যালয়লৈ যোৱাৰ সময়লৈকে শিশু সকলে তেওঁলোকৰ মানসিক স্থিতিটো সবল কৰিব পাৰিব আমাৰ চৌপাশৰ পৰিৱেশৰ ওপৰত। আমাৰ পৰিৱেশ ইমানেই সুন্দৰ হʼব লাগে যে প্ৰতিজন শিশুৱে পৰিৱেশৰ লগত তেওঁলোকৰ মনটো সুন্দৰ কৰি ৰাখিব পাৰে।
         গতিকে এই সকলোবোৰৰ লগত সু-সৰ্ম্পক ৰাখিব পাৰিলেহে এজন শিশুৱে মানসিক,শাৰীৰিক আৰু বৌদ্ধিক দিশত উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব।লগতে এখন সুস্থ সমাজৰ সৱল নাগৰিক হিচাপে প্ৰতিষ্ঠিত হʼব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)