একাঁজলী বিৰহ:(খণ্ড নং -১০)~বিটুমনি ভূঞা কোছ

©Admin
0
ডাক্তৰে কৈ পঠোৱা মতেই তগৰে বিচনাত শুই বহি থাকিব লগা হৈছিল।শাহুয়েকেও তাইক নাতিটোৰ কিবা অমংগল হ'ব ভাবি তেনেকৈয়ে থাকিবলৈ কাঢ়া আদেশ দিলে। নিমাও-মাও ঘৰখনত কাৰো মাত এষাৰ শুনিবলৈ নাই। শাহুৱেকে ইঘৰ-সিঘৰলৈ যায় যদিও বোৱাৰী তগৰক ক'তো যাবলৈ নিদিয়ে। সেইবাবে বিয়া হৈ অহা ইমান দিনৰ মুৰটো তাই অকলশৰীয়া, লগ বন্ধু কোনো নাই। প্ৰথমৰ পৰাই ঘৰখনলৈ আহি তাই লগত ইটো -সিটো কথা পতা ৰণ তাই অন্তৰ মাজত সোমাই পৰিল  ।

অসহ্য ভোকত তগৰে শাহৱেকক কিবা এটা খাবলৈ খুজিম বুলি ভাবিও ৰৈ গ'ল।তৎক্ষণাত কি ৰূপ লয় ঠিকনা নাই। কাঠচিতীয়া শাহুৱেকে ৰাতি তাইৰ ৰুমলৈ আহি ক'লেহি, আজি মোৰ ভাত বনাবলৈ মন নাই। ঠাণ্ডা ভাত আছে তাকেই ৰামভাইক খাবলৈ দিম। কথাষাৰ কৈ অলপো ৰৈ নথকা শাহুৱেকক তাই অবাক হৈ চাইছিল।দিনতে ভাত কেইটা খোৱা খালি পেটত ঔষধ খালে বিপদ হ'ব পাৰে। পানী এগিলাচ খাই তাই শুই থাকিল। পেটৰ কিৰিলি মৰা মাতত তাই টোপনি নাহিল।তগৰে লাহেকৈ উঠি আহি বাহিৰলৈ গ'ল। বেলি মূৰৰ ওপৰ পালহি দুপৰীয়া হ'ব এতিয়া ,তাই চকুৰে ধোঁৱা-ধোঁৱা দেখিলে। দৰ্জাখনত ধৰি তাই মূৰটো হাওলাই দৰৰ্জাখনত লগাই দিলে। ভয় আৰু সংকোচে তাইৰ বুকুখন কঁপিবলৈ ধৰিলে। তাই দৰৰ্জাখন বাগৰি যোৱা দৰে ঘূৰি ঘূৰি বিচনা খনলৈ আগবাঢ়িল।

ইফালে   শাহুৱেকে নিমাত -নিতাল পাকঘৰৰ জুইকুৰাৰ  কাষত হাতৰ তলুৱাত মূৰটো থৈ উত্তলা ভাতৰ ফুত ফুত শব্দৰ  সোৱাদ লৈছে।
ওচৰৰ জেতুকী বুঢ়ীয়ে বোৱাৰীৰ খৱৰ লবলৈ আহি তগৰৰ শাহুয়েকৰ বহি থকা ভংগিমা দেখি সোলা মুখখনে হে হে কৈ হাঁহি পাকঘৰৰ মজিয়াৰ চুকত থকা পিৰা এখন লৈ তগৰৰ শাহুৱেকৰ কাষতেই বহি পৰিল। তগৰৰ শাহুৱেকে শাক-পাতৰ যোগাৰ কৰাত লাগিল। বুঢ়ীয়ে ইচ-ইচ আচ-আচ কৰি কৈ উঠিল, বোৱৰীয়েৰক মূৰত তুলি ৰাখিছ।

তগৰৰ শাহুৱেকে ক'লে, পেহী বোৱাৰীৰ গাত লেঠা।

বুঢ়ীয়ে দাঙখাই উঠিল, হেৰৌ কি নোহোৱা বস্তু এটা হৈছে।শাহুৱেকজনীয়ে মুখৰ আগত ভাত দিব লাগে। আমাৰ দিনত পথাৰে ঘৰে ঘূৰি ফুৰিব লাগিব। পেটত এটা বোকোচাত এটা লৈ ধান বানিব লাগিব। হেৰৌ, যিমানেই কাম- বন কৰি থাকিব গা-মূৰ পাতল লাগি থাকিব।

কথাৰ মাজতেই ভাতৰ চৰুতো নমাই  তগৰৰ শাহুৱেকে চাহ বনাই বুঢ়ীকো দিলে নিজেও খালে।
এসময়ত বুঢ়ী গ'লগৈ। তগৰলৈ ভাতৰ কাঁহীখন থেলা মাৰি শাহুৱেকে কৈ উঠিল, ভাতগাল খাই ল মহাৰাণী।উচাৎমাৰি যোৱা শাহুয়েকৰ ফালে চাই তগৰৰ দুধাৰি চকুলোঁ বৈ আহিল। অকণমান ভাজিৰে দিয়া ভাত কেইটা খাবলৈ লৈ তগৰৰ শোকে খুন্দা মাৰি ধৰিলে। বৈ অহা চকুৰ পানীয়ে ভাতখিনি ভিজাই দিলে।

তাইৰ আজি মানুহ জনলৈ মনত পৰিল।মানুহটো জীয়াই থাকোঁতে কোনো দিন তাইক শাহুৱেকে লঘোণে ৰখা তাইৰ মনত নপৰে। মানুহটো ঢুকোৱা পাছত একেজনী শাহুৱেকৰ মনৰ পৰিৱৰ্তন দেখি তগৰৰ বুকু কঁপনি উঠে। শাহুৱেকৰ বাবে যেন তাই চকুৰ কুটা।তাই বৰ অকলশৰীয়া অনুভৱ কৰিলে।

বৰ মাঁ বৰ মাঁ বুলি চিঞৰি ৰণ আহিল। মই কাম কৰি আছোঁ। কাম নকৰিলে কোনে মোক ভাত খুৱাব। বৰ মাকে কি কথা বুজাব বিচাৰিছে, ৰণে গম পালে। সি তৎক্ষণাত গৈ তগৰৰ ওচৰত হাজিৰ হ'ল।তাই মুখখন দেখি ৰণৰ বুজিবলৈ বাকী নাথাকিল কি হৈ আছে।এইবাৰ সি বৰ মাকৰ ওচৰলৈ গৈ সুধিলে, বৰমা বৌয়ে ঔষধ খাইছে নে নাই।

মোক যে সুধিছ বৌৱেৰক সুধি  ছাগৈ। এতিয়া সৰু ছোৱালী হৈ থকা নাই। কথাষাৰ কৈ মানুহজনী ৰৈ গ'ল।

বৰ মাঁ ডাক্তৰে বাৰে বাৰে কৈছে, প্ৰতি দিনে এক লিটাৰ গৰম গাখীৰ, ঔষধ খোৱাৰ আগত ভাত খাই ল'ব লাগিব।আৰু মানুহজনীয়ে আৰামত থকাৰ লগতে মনত দুখ পাবও নালাগিব। এইখিনি নামানি যদি নোখোৱাকৈ থাকে, বা মানসিক ভাৱে কষ্ট পায়, আপোনাৰ নাতি সৌ ওপৰত।মোক বাৰে বাৰে ডাক্তৰৰ কথা কৈ লগ ধৰি নাথাকিব।মই যাওঁ।

শিল পৰা কপৌ দৰে তগৰৰ শাহুৱেক থৰ লাগিল।বোৱাৰীক শাস্তি দিবলৈ গৈ নাতিটো হেৰুৱাব নোৱাৰি।অনুশোচনাত মানুহজনীৰ বুকু কঁপি উঠিল। বোৱাৰীয়েকৰ কাষলৈ মানুহ জনী এখোজ-দুখোজকৈ আগবাঢ়িল।

আগলৈ....

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)