বিভিষিকাৰ ধোৱাই চানি ধৰা
ধ্বংসস্তূপ পৃথিৱীত
যদি বিচাৰিব লগা হয়
অসহায় জীৱশ্ৰেষ্ঠ মানৱৰ
ক্ষত - বিক্ষত শৰীৰ
তেনেহ'লে তেনে আধুনিকতাৰ
অৰ্থই বা কি
আধুনিকতাৰ গ্ৰাসত যদি
হেৰুৱাব লগা হয়
ফুলি থকা শৈশৱৰ ফুলপাহ
বিচাৰিব লগা হয়
প্ৰীতিভৰা এটি মৰমৰ আলিংগন
ব্যাকুল হ'ব লগা হয়
শুনিবলৈ হেঁপাহৰ মাত এষাৰ
তেনেহ'লে আধুনিক বুলি দম্ভালি মৰা
মানৱ শ্ৰেষ্ঠৰ অৰ্থই বা কি
আধুনিকতাও হ'ব প্ৰিয়
যদি যান্ত্ৰিকতাৰ সাজ পিন্ধিও
গোৱা হয় মানৱতাৰ জয়গান
নিঃসহায় জনৰ অশ্ৰুৰ
বিশাল নদীক ভেটিব
আগবঢ়োৱা হয় বিশ্বাসভৰা সহায়ৰ হাত
তেতিয়া বদনামী আধুনিকতাও
হৈ পৰিব সৰ্বশ্ৰেষ্ঠ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ