মই শিক্ষক - প্ৰিয়ংকা চমুৱা

Aditi Tanti
0
মই শিক্ষক
পাঠশালাৰ বুলনি চৰাতে
 মই পিন্ধি লওঁ
আদৰ্শ আৰু নৈতিকতাৰ এজোৰ 
 শিক্ষকৰ পোছাক ।

জুইশালত গঢ়ি কমাৰ শালত গঢ়িবলৈ 
তীখাৰ শানত দিওঁ 
শিক্ষাৰ টোপোলাটো খুলি
বিলাই দিওঁ 
শিক্ষকৰ দ্বায়বদ্ধতাৰ পাশত
কণমানি হতৰ দুহাতত।


কোনো কুট অভিপ্ৰায় নাৰাখি 
সপোনবোৰ জুকিয়াও 
অলেখ হৃদয়ৰ
ছাত্ৰৰ মাজত দেখো
স্বদেশ আৰু কৰ্ম প্ৰীতিৰ নিঃস্বাৰ্থ বন্ধন ভৱিষ্যতৰ ।


জনপ্ৰিয় হোৱাৰ মোৰ বাসনা নহয়
কোনো সস্তীয়া ৰাজনীতিৰ 
পৰিপন্থী নহয় ।
 মানুহ গঢ়াৰ মন্ত্ৰতহে ব্ৰতী মই
অহোৰাত্ৰ প্ৰতীক্ষা ছাত্রৰ সফল ক্ষণৰ ।

মই হ'ব বিচাৰিছোঁ পথ প্ৰদৰ্শক
সপোনৰ পথিক ছাত্ৰ সমাজৰ ।
আত্মসমীক্ষাৰ গুণেৰে
বাট বুলি জীৱনৰ
 মই হব বিচাৰো নিঃস্বাৰ্থ প্ৰতিভূ শিক্ষকৰ ।


হে সতীৰ্থ আহা আগুৱাই
হও আদৰ্শ বহু জীৱনৰ
গঢ়ি তোলো আমি শতজনক
আঁহা দান কৰোঁ
আমাৰ শিক্ষা
প্ৰসাৰিত কৰো জ্ঞানৰ
হৃদয় উজাৰি 
বিলাই দিও 
অযুত প্ৰতিভাৰ ৰেঙনি সমাজৰ।

আজিৰ ছাত্ৰ ভৱিষ্যতৰ দেশৰ ধৰণী ।
প্ৰকৃত শিক্ষক সদায়ে যুগজয়ী
 হও আহা শিক্ষক প্ৰকৃত আদৰ্শৰ ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)