অফুৰন্ত জ্ঞানৰ পুষ্প সিঁচি ,
অজ্ঞানতাৰ কুঁৱাৰ পৰা তুলি
জ্ঞানৰ বাট সোঁৱৰায় ।
কৃপণালি নকৰাকৈ আমাৰ
জীৱন পোহৰায় ,
নিজে গলি যি আমাক উজ্বলায় তেওঁলোকেই আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু যিয়ে পোহৰৰ বাট দেখুৱায় ।
তেওঁলোকৰ বাবেই আমি জীৱনৰ বাটত খোজ বুলো ,
অজ্ঞানতাৰ এন্ধাৰ ভেদি জ্ঞানৰ পথ চিনো ।
তেওঁলোকৰ বাবেই আমি ভৱিষ্যতৰ
সোণোৱালী ক্ষণ গণো ,
তেওঁলোকৰ বাবেই পৃথিৱীৰ নানা জ্ঞান লাভ কৰোঁ ।
সঁচাকৈ তেওঁলোক মহান , মহান আমাৰ
শিক্ষাগুৰু যাৰ বাবে জীৱনক গঢ়িবলৈ শিকোঁ ।
শ্ৰদ্ধা আৰু ভক্তি সদায় তেওঁলোকৰ বাবে ,
তেওঁলোকৰ সৈতে পাৰ কৰা প্ৰতিটো দিনেই নষ্টালজিক হৈ পৰে ।
পাঠ্যপুথিৰেই নহয় কেৱল সকলো দিশতে আমাক আগুৱাই নিয়ে ,
সপোনৰ বাট দেখোন তেওঁলোকেই দেখুৱাই দিয়ে ।
সৃষ্টিৰ সাগৰ যি ,
তেওঁলোকেই শ্ৰদ্ধাৰ শিক্ষাগুৰু
আজন্ম হৃদয়ত বাস কৰি
হৈ ৰয় প্ৰেৰণাৰ অন্তহীন নদী ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ