ব্যক্তিগত অভিজ্ঞতাৰ পৰা-দেবর্ষি গৌতম

0
এজন মানুহে ধন -সম্পত্তি, আ-অলংকাৰ, ঘৰ-মাটি ইত্যাদি অৰ্জন কৰিবলৈ নিজৰ গোটেই জীৱনটোত অহোপুৰুষাৰ্থ কৰে। চেষ্টা কৰে যাতে আন দহজনতকৈ কেনেকৈ নিজৰ উপাৰ্জন বেছি কৰিব পাৰি, চেষ্টা কৰে আন দহজনতকৈ কেনেকৈ নিজৰ সম্পত্তিৰ পৰিমান বৃদ্ধি কৰিব পাৰি, চেষ্টা কৰে কেনেকৈ আন দহজনতকৈ নিজক সমাজত এগৰাকী ধনী, প্ৰতিপত্তিশালী ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব। কিন্তু এটা কথা সকলোৱে সেই সময়ত পাহৰি যায় যে এই সকলোবোৰ বস্তু যে কেতিয়াও চিৰস্থায়ী নহয়। যেনেকৈয়ে নহওক এদিন নহয় এদিন এই সকলোবোৰ বস্তুৰে নিজৰ জীৱনৰ পৰা আঁতৰি যোৱাটো এক চিৰন্তন সত্য। কিছুমান ব্যক্তিয়ে এই সকলোবোৰ আহৰণ কৰাৰ পিছত নিজৰ সন্তানৰ দ্বাৰা প্ৰতাৰিত অথবা নিষ্পেষিত হৈ নিজে আহৰণ কৰা সকলো সম্পত্তি আৰু প্ৰতিপত্তিক একাষৰীয়া কৰি আৰু পাহৰি গৈ এদিন পদ পথৰ বাসিন্দা হবলৈ বাধ্য হয়। আনহাতে আন কিছুমানে আকৌ এই সকলোবোৰ আহৰণ কৰাৰ পিছত উপভোগ কৰাৰ আগতে মৃত্যুক আঁকোৱালি লব লগীয়াই হয়। 
      যেতিয়া মানুহবোৰে নিজকে সকলোতকৈ ধনী, প্ৰতিপত্তিশালী ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি থাকে সেই সময়ত নিজৰ সন্তানক সমাজৰ নীতি-শিক্ষা সমূহ দিবলৈ পাহৰি যায়। কেৱল মাত্ৰ চেষ্টা কৰে যাতে নিজৰ সন্তানে কোনো অভাৱ অনাটনৰ সন্মুখীন নহয়। সদায় যি বস্তু আৰু যিমান পইচাৰ প্ৰয়োজন হব সকলোবোৰ পৰ্যন্ত পৰিমানে দিয়াৰ বাবে চেষ্টা কৰে। নিজৰ সন্তানক সকলো সুবিধা প্ৰদান কৰাতো কেতিয়াও বেয়া কথা হ'ব নোৱাৰে কিন্তু সমান্তৰালকৈ সন্তানক সমাজৰ বাকী সকলো প্ৰয়োজনীয় শিক্ষা খিনিও দিয়া অত্যন্ত জৰুৰী।  
সেইবাবে অভিভাৱক সকলে নিজৰ নিজৰ সন্তানক পৰ্যাপ্ত সকলো সকলো সুবিধা প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় সকলো শিক্ষা প্ৰদান কৰাটো গুৰুত্ব দিব লাগে অন্যথা এটা সময়ত আমাৰ সমাজ খনত প্রায় সকলো পিতৃ -মাতৃয়ে বৃদ্ধাশ্রমত থাকিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হব। সন্তানবোৰে যাতে নিজৰ বৃদ্ধ পিতৃ- মাতৃক বোজা হিচাপে গণ্য নকৰে তাৰ বাবে সন্তানক সৰুৰে পৰাই সেই শিক্ষা প্ৰদান কৰিব লাগিব যাতে সন্তানবোৰে ডাঙৰ হোৱাৰ পিছত নিজকে এক পাৰিবাৰিক পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাব পাৰে। 
       ধন-সম্পত্তি, আ-অলংকাৰ, ঘৰ-মাটি এই বস্তুবোৰ সমাজৰ প্ৰতি গৰাকী ব্যক্তিৰ প্ৰয়োজনীয় আৰু এক প্ৰকাৰ নিত্য ব্যৱহার্য বস্তু। কিন্তু এই সকলোবোৰ থকাৰ পিছতো এটা পৰিয়াল বা অভিভাৱক সকলক কেতিয়াবা অশান্তিত থকা দেখা যায়। কম উপাৰ্জন, কম প্ৰতিপত্তিশালী, কম সম্পত্তি থাকিলেও এটা পৰিয়াল বা সন্তানৰ অভিভাৱক এগৰাকী সুখ আৰু শান্তিত জীয়াই থাকিব পাৰে। মাথোঁ প্ৰয়োজন এটা সুস্থ জীৱনশৈলীৰ। উপাৰ্জন অধিক হলেও যদি ঘৰ বা পৰিয়াল এটাত শান্তি নাথাকে তেনেহলে অধিক উপাৰ্জনেৰে শান্তি কিনি লব পাৰি জানো ? এটা অশান্তিকৰ পৰিবেশৰ মাজত ডাঙৰ দীঘল হোৱা সন্তান এগৰাকীয়ে ঘৰ খন বা পৰিয়ালৰ পৰা কি শিক্ষা লব ? ঘৰখন বা পৰিয়ালৰ পৰা কি শিক্ষা লৈ নিজৰ জীৱনত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰনা লাভ কৰিব ? কিন্তু কম উপাৰ্জন কৰা এটা পৰিয়াল বা এখন ঘৰত যদি শান্তি থাকে তেনেহলে সেই ঘৰখনত জন্ম লাভ কৰা এগৰাকী সন্তানে সদায় নিজক সৌভাগ্যবান বুলি গণ্য কৰিব। সেই সন্তান গৰাকীয়ে ঘৰখন বা পৰিয়ালটোৰ মাজৰ পৰাই এক সুন্দৰ শিক্ষা লাভ কৰিব। নিজৰ জীৱন আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা লাভ কৰিব আৰু সমাজত এক আদৰ্শ হিচাপে নিজক চিনাকি দিবলৈ সক্ষম হব। 
         এগৰাকী আদৰ্শবান ব্যক্তিৰ ব্যক্তিত্বত কেতিয়াও ধনী -দুখীয়াৰ ভাব ফুটি নুঠে। সেই ব্যক্তিগৰাকীয়ে সদায় ধনী দুখীয়া সকলোকে একত্ৰিত কৰি সমাজখনক কেনেদৰে আগবঢ়াই লৈ যাব পাৰি সেইটো কথাত হে অধিক গুৰুত্ব প্ৰদান কৰে। সমাজৰ প্ৰতি গৰাকী ব্যক্তিকে নিজৰ নিজৰ জীৱন যুদ্ধত জয়ী হোৱাৰ অনুপ্ৰেৰণা যোগায়। 

(বি:দ্ৰ: সাম্প্ৰতিক সময়ত মই দেখা প্ৰৱেশ আৰু পৰিস্থিতিৰ পৰা এই কথা খিনি লিখিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহলে আপোনালোকে আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ মোক প্ৰেৰণ কৰিব পাৰে। শেষত এটা অনুৰোধ মই ইয়াত সকলো বুলি কোৱাৰ লগে লগে সমাজৰ প্ৰতি গৰাকী লোককে বুজোৱা নাই, মাত্ৰ সেই সকল লোককহে বুজাব বিচাৰিছোঁ যিসকলে এনেদৰে কাম কৰি আছে।)

                       🖋️ দেবর্ষি গৌতম 
                       Ⓜ️ 69139 30829

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)