স্তব্ধ হৈ গ'লো,
সোলোকাই থ'লো
সময়ৰ নূপূৰ।
আহিনৰ চোতালত
তলসৰা শেৱালিৰ
মুকুতাৰ দলিছাত বহি
নিয়ৰৰ আখৰেৰে লিখিলোঁ
আই তোমাৰ নাম,
শাৰদী ৰাণীৰ সেই সুশোভিত
ধৰা আহিনৰ তন্দ্রালু আকাশত
বিচাৰো শৰৎ এবাৰ
মাথোঁ এবাৰ
বিভোৰ হ'ব খোজো
তোমাৰ সৈতে আলাপত
ৰাধিকা ৰাতিক চাব খোজো
হিৰন্ময়ী পূৰ্ণিমাত।
মনত পৰেনে আই
তাহানিৰ দীঘে- পুতলে এখন
সৰুকৈ আকাশ!
স্মৃতিৰ এখিলা পাতত
সেই তৰালি সনা দিনবোৰ
ৰোৱনী-দাৱনিবোৰ লুকাই যায়।
নিৰবধি নৈখনে মিচিকি হাঁহিৰে
আকাশখন চাই থাকে।
আহিনৰ চোতালত শৰতৰ
মৌন আভৰণ!
পূৰ্ণিমাৰ ৰাতি শাৰদীয় চন্দ্রমাৰ
কুসুম ফুলা আকাশত
শেৱালিৰ কোমল সুবাসত
দাপোনত মুখ চাই চাই
কোনো ৰূপহীৰ আপোন
ৰূপত মুগ্ধ হৈ
বিৰহী কবিয়ে কবিতাৰ
সপোন ৰচে।
গছৰ ডালত বহি পক্ষীটিৰ
হিয়াভঙা কান্দোন শুনেনে?
হে দেৱী দুৰ্গতি নাশিনী দুৰ্গা!
তোমাক পুজিবলৈ শত সহস্ৰ ভক্তই
হিয়াজুৰি ভক্তিৰ অঞ্জলি নিবেদিছো।
হে !দেৱী পৃথিৱী আজি পাপ-তাপেৰে
জর্জৰিত, শিশুবোৰে মুক্তমনে
মুকলি আকাশৰ তলত খেলিব নোৱাৰে।
পৃথিৱীত আজি অসুৰৰ আধিপত্য
সহজ-সৰল মানুহবোৰৰ ভাৰসাম্য
হেৰাই গৈছে।
হে!দুর্গতি নাশিনী
হত্যা দৰ্শন, বলাৎকাৰ, শিশুহত্যা
এইবোৰে পৃথিৱীখন গ্ৰাস কৰিছে,
নিস্পাপ শিশুবোৰক জীয়াই
থাকিব দিয়া,
মহানগৰীৰ অলিয়ে -গলিয়ে
থকা শিশুবোৰক পোহৰলৈ
আহিব দিয়া,
মহামাৰী কৰোনাৰ পৰা
আমাক মুক্তি দিয়া,
লগতে সমাজ খনক, দেশখনক
মুক্তি দিয়া যেন সকলোকে,
এই কন্টকৰ পৰা মোৰআইক
যেন মুক্ত কৰা,
এয়ে প্রার্থনা।।
।।। ৰুনু শৰ্মা।।।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ