সংঘাত( তৃতীয় খণ্ড) - মামণি বৰঠাকুৰ

Aditi Tanti
0
আৰু এদিন.......... !
"অৰু কালিলৈ আলহী আহিব"

মাকৰ মাতত তাই ঘূৰি চালে। 

'অ' মা , কোন আহিবনো ? '

"তোমাৰ বাবে দেউতাই ল'ৰা ঠিক কৰিছে । 
ব্যৱসায় কৰে । মাক-দেউতাকৰ সৈতে তেওঁ কালিলৈ অহাৰ কথা আছে।"

অৰুনিমাৰ মূৰত সৰগ খনহে যেন ভাগি পৰিল । 
নিৰুপায় হৈ তাই সকলো কথা মাকক বিৱৰি ক'লে । 

হিতে বিপৰীতে হ'ল , যেতিয়া এই কথা দেউতাকৰ 
কাণত পৰিল । 

একেজনী মাথোঁ ছোৱালী। কিমান আদৰ , যত্নত 
ডাঙৰ কৰিছে , একো উপাৰ্জন নোহোৱা ইমান 
দুখীয়া ল'ৰা এটালৈ দি তাইৰ জীৱনটো ধ্বংস হ'বলৈ দিব নোৱাৰি । 

তাইৰ , মাকৰ যিমান কাকূতি-মিনতিয়ে ও তেওঁক
টলাব নোৱাৰিলে । এজন নাম থকা উকিলৰ ছোৱালী তাই । চৌবিশ ঘন্টাই তাইৰ ওপৰত দেউতাকৰ কাঢ়া নজৰ । 

দিন বাগৰিল........... !

ৰাজৰ চাকৰি এটা যোগাৰ হ'ল । আজি সি জইন
কৰিব । মাক আৰু ভায়েকক লৈ ৰাজৰ সংসাৰ । 
দেউতাকক সি সৰুতে হেৰুৱাইছে । বহুত কষ্টত
মাকে সিহঁতক মানুহ কৰিছে । এতিয়া তাৰ বহুতো 
কাম কৰিবলৈ আছে । ঘৰটো সাজিবলৈ আছে ।
দেউতাকে সজা ঘৰটো কিছু অংশ ভাগিয়ে গৈছে । 

মাকে জীৱনত কেৱল মাত্ৰ দুখকে দেখিছিল । 
এতিয়াৰ পৰা সি মাকক আৰু দুখ পাবলৈ নিদিয়ে । ফৰেষ্ট ডিপার্টমেন্টৰ চাকৰি । 

সংসাৰ খন সুন্দৰ কৈ চলাই নিব পাৰিব ।

যোৱাকালি ৰাজে চাকৰিত যোগদান কৰিলে । 
অৰুনিমাক খবৰটো দিবলৈ যাবই পৰা নাই !
চাকৰিৰ ধান্দাত লাগি থাকোঁতে বহু দিন তাইক
লগ কৰিবলৈ ও যাব পৰা নাই । 

আজি তাৰ মনটো খুব ভাল লাগিছে । 

সপোন বোৰ পূৰণ হোৱাৰ পথত আগবাঢ়িছে । 

মন পখিলাজনী ও যেন উৰি উৰি পাৰাপাৰ বিহীন দিগন্ত লৈ ঢাপলি মেলিছিল । আজি বহু দিনৰ পাছত তাৰ মৰমৰ অৰুজনীক লগ পাব !
অৰুনিমাৰ ঘৰলৈ বুলি আগবাঢ়িল সি । 

কিন্তু এয়া কি ?

 গেটত দেখোন মস্ত তলা এটা ওলমি আছে !

ইফালে সিফালে চাই অলপ দূৰত সিহঁতৰ ঘৰৰ চকীদাৰজনক দেখিলে । 
তেওঁক সুধিলে "ঘৰত কোনো নাই নেকি ?"

"নাই নহয় দাদা , সকলো গুৱাহাটীলৈ গ'ল । 
যোৱাকালি অৰুনিমা বাইদেউৰ বিয়া আছিল
নহয় !"

"কি বিয়া... ?"

ৰাজৰ ভৰিৰ তলৰ পৰা পৃথিৱীখন যেন আঁতৰি
গৈছিল । চকুৰে ৰঙা ,হালধীয়া দেখিলে । তাৰ 
চাৰিওফালে সকলো বস্তু যেন বৃত্তাকাৰে ঘূৰিবলৈ ধৰিলে । 
অজ্ঞান হৈ সি ঢলি পৰিল !

.............. .............. ;

যেতিয়া সি নিজকে আৱিষ্কাৰ কৰিলে , দেখিলে
কাষত মাক আৰু ভায়েকক । 

"মোৰ কি হৈছে মা ?"

"তোৰ হাৰ্ট এটেক হৈছিল সোণ। "

"মা ,এয়া কি হৈ গ'ল" বুলি সি হুক হুকাই কান্দিবলৈ
ধৰিলে । 

"সোণ ,তইনো ডাঙৰ মানুহৰ ছোৱালী কিয় আশা
কৰিছিলি । দেউতাৰ ঢুকুৱাৰ পাছৰে পৰা কিমান কষ্টত তহঁতক মানুহ কৰিলো তহঁতৰ সুখ দেখিম বুলি । তই কিয় নিজকে অসুখী কৰিবলৈ গৈছিলি । "

"নহয় মা তুমি নুবুজিবা , মই অৰুনিমাৰ অবিহনে
জীয়াই থকাৰ কথা ভাবিবই নোৱাৰোঁ । মোৰ সকলো শেষ হৈ গ'ল।"

"তই মোৰ বাবে জীয়াই থাকিব লাগিব সোণ । 
পাহৰিবলৈ চেষ্টা কৰিবি তাইক । সময়ে মনৰ ঘাঁ
ডোখৰ পুৰাব এদিন । "

আৰু কিবাকিবি কৈছিল মাকে । তাৰ শুনাৰ
ধৈর্য নাছিল । কেৱল মাত্ৰ কান্দিছিল । 

হাস্পতালৰ পৰা ঘৰলৈ আহিল । ক্ৰমান্বয়ে সি সুস্থ হৈছিল । 

সকলো যেন শূন্যতাৰে ভৰা ! 

জীৱনটো যেন অসাৰ হৈ পৰিল । কিয় এনে কৰিলে তাই ! 

ক'ত ভুল হৈ গ'ল ! ভাবি যেন পাগল হৈ যাব 
সি । নাই মই মৰি যাম... !

পাছ মুহূৰ্ততে ভাবিলে মাৰ কি হ'ব ! 

নাই নাই , মই জীয়াই থাকিব লাগিব । 

মাৰ বাবে , ভাইটোৰ বাবে । 

মোৰ মুখলৈ চায়েইটো সিহঁত
জীয়াই আছে !

"হে ভগৱান শক্তি দিয়া .......! 
মোক......! "

        ক্ৰমশঃ..............!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)