শিল্পীৰ হেঁপাহৰ দূৰ্গা পূজা - প্ৰণৱ চক্ৰৱৰ্তী

Aditi Tanti
0
এতিয়া আহিনৰ সুবাস চৌদিশে ৷ শৰৎ নামিছে ধৰালৈ ৷ শেৱালি ফুলিছে , কঁহুৱা ফুলিছে , পুৱাই কুঁৱলী ফালি দেখা দিছে সূৰ্য্যই ৷ এইবোৰ হৈছে মানেই আমাৰ হেঁপাহৰ দুৰ্গাপূজা আহিছে ৷ দুৰ্গাপূজাৰ লগত আমাৰ সাধাৰণ মানুহৰ লগতে শিল্পীসকলৰো আছে এক ওচৰ সম্পৰ্ক ৷ আমি নামনি অসমৰ বাসিন্দা ৷ ইয়াৰ প্ৰতিখন জিলাতে হয় দুৰ্গাপূজাৰ ব্যাপক আয়োজন ৷ মৃৎশিল্পী সকলৰ ব্যস্ততাৰ অন্ত নাই ৷ তেওঁলোকৰ সুনিপুণ হাতৰ পৰশত জীৱন্ত হৈ উঠে মা দুৰ্গাৰ মাটিৰ প্ৰতিমা ৷ নামনিৰ কামৰূপ , নলবাৰী , বৰপেটা , বাক্সা , চিৰাং আদিতকৈ বঙাইগাঁও , গোৱালপাৰা আৰু ধুবুৰীত পূজাৰ সংখ্যা অধিক ৷ প্ৰতি চুবুৰীয়ে চুবুৰীয়ে পূজাৰ আয়োজন চলে বুলি ক’লেও ভুল কোৱা নহ’ব ৷ পূজাৰ সমান্তৰালভাৱে তাত চাব লগা হয় পূজাৰ মণ্ডপবোৰ ৷ দেশৰ বিভিন্ন মহল ,মন্দিৰৰ আৰ্হিত নিৰ্মিত মণ্ডপবোৰ আৰু তাৰ আলোকসজ্জা চালে চকু ৰোৱা ৷ কলিকতীয়া শিল্পীৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হয় প্ৰায়বোৰ বিশাল পূজা মণ্ডপ ৷ আজিৰ পৰা প্ৰায় ডেৰকুৰি বছৰ আগতেই গোৱালপাৰাত দেখিছিলোঁ নাৰিকলৰ খোলাৰে নিৰ্মিত দুৰ্গা প্ৰতিমা , একেদৰে ধুবুৰীত দেখিছিলো কাঁচৰ টুকুৰা আৰু ফুলেৰে নিৰ্মিত দুৰ্গা প্ৰতিমা ৷ সেইসকল শিল্পীক ৰাইজে চিনি নাপায় যদিও তেওঁলোকৰ শিল্পকলাক প্ৰশংসা নকৰা লোক কোনো নাছিল ৷ তবধ লাগিছিল হাৱামহল , টাইটানিক , জগন্নাথ মন্দিৰ , তিৰুপতি বালাজী আদি বিভিন্ন আৰ্হিত নিৰ্মাণ কৰা অস্থায়ী পূজা মণ্ডপবোৰ দেখি ৷ কি নিপুণ শিল্পকলা , শিল্পীৰ প্ৰতিভা ! পূজা মণ্ডপবোৰৰ বাহিৰত প্ৰতিবাৰেই সাম্প্ৰতিক সময়ৰ কিছু জলন্ত সমস্যাৰ প্ৰতীকি প্ৰতিবাদৰ বাবে সজোৱা হয় বিভিন্ন আৰ্হি ৷ 
নলবাৰী আৰু বৰপেটাত পূজাৰ সন্ধিয়াবোৰৰ বিশেষ আকৰ্ষণ হয় ওজাপালি আৰু ঢুলীয়া ৷ কোনো কোনো ঠাইত নাগাৰা নাম আৰু পুতলা নাচো দেখুওৱা হয় ৰাইজক ৷ সমান্তৰালভাৱে চলে পেছাদাৰী আৰু অপেছাদাৰী নাট্যদলসমূহৰ নাটক ৷ প্ৰতিটো বিষয়ৰ লগত জড়িত শিল্পীসকল পূজাৰ বতৰত ভীষণ ব্যস্ত , ৰাইজৰ আৱেগক শ্ৰদ্ধা জনাই তেওঁলোকে পৰিৱেশন কৰি থাকে নিজৰ শিল্প প্ৰতিভা ৷ বঙাইগাঁও , কোকৰাঝাৰ বা ধুবুৰী ,গোৱালপাৰাৰ পূজাথলীৰ অভিন্ন অংগ ঢাক ৷ ঢাকৰ তালে তালে আৰতি দিয়া দৃশ্য যিয়ে এবাৰ দেখিছে , তেওঁক জীৱনলৈ ঢাকৰ মাতে আকৰ্ষণ কৰাটো স্বাভাৱিক ৷ ঢাকিসকলে বিভিন্ন অভাৱ-অনাটনৰ মাজেৰে বংশানুক্ৰমিক ভাৱে জীয়াই ৰাখিছে এই ৰজাদিনীয়া শিল্পক ৷ 
সময় বাগৰাৰ লগে লগে আজিকালি দুৰ্গাপূজা থলীত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন চলে ৷ সংগীত শিল্পী , নৃত্যশিল্পী , বাদ্যযন্ত্ৰী সকলো ব্যস্ত হৈ পৰে দুৰ্গাপূজা বুলি ৷ সকলো শিল্পীৰে যেন অতি হেঁপাহৰ এই শৰৎ বন্দনা , শাৰদীয় দূৰ্গোৎসৱ ৷ ক’ৰণা অতিমাৰীয়ে অনুষ্ঠানবোৰৰ ক্ষেত্ৰত কিছু জড়তা আনিলে যদিও আমি আশাবাদী খুউব সোনকালে আমি আগৰ দৰেই উলহ-মালহেৰে দুৰ্গাপূজাৰ আয়োজন কৰিব পাৰিম ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)