উচুপনি-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
কেতিয়াবা অকলশৰে
নিৰৱে বহি থাকিলে
অতীতৰ কিছুমান ভাৱনা আহিলে
মনটো অৱসাদেৰে ভৰি পৰে
বাৰে বাৰে চকুলো উচুপি উঠে
মনলৈ বিষাদবোৰ আহিলে।
বহুত সপোন দেখিছিলোঁ
কিয় নাজানোঁ সপোনবোৰো
অতীত হৈ মৰহি গ'ল
উৰণীয়া পক্ষী হৈ
 হৈ উৰিছিলোঁ
কিন্তু সেই পাখি ভাঙি গ'ল।
অজানিতেই চাগে মই
মিছা সপোন দেখিছিলোঁ
সোঁৱৰণীৰ দলিছাত
বিষাদ আৰু হতাশাৰ অতীত।
হঠাৎ মৌন হৈ ৰ'ল
মোৰ দুই ওঁঠ
নিঃসংগ হৈ পৰিল মোৰ জীৱন।
মনৰ ভাৱবোৰ ক'বলৈ
শব্দৰ অভাৱ হৈ পৰিল
ৰুদ্ধ হ'ল চলন্ত মোৰ
জীৱনৰ গতি.........!
জোনাক ভালপোৱা ছোৱালী জনী আছিলোঁ
কিন্তু এতিয়া জোনাকত বহিলে
হিয়াখন উচুপি উঠে
এক অজান আকাংক্ষাত।
দুভৰিৰ মাজত মূৰটো গুজি
বৰকৈ উচুপি উঠো
মৰহি যোৱা ফুলত জানোঁ
কাহানিবা সুবাস থাকে
ঠিক তেনেকৈ বিষাদেৰে ভৰা জীৱনত জানোঁ আশা থাকে
নাথাকে...... তাত মাথোঁ
নিৰাশা থাকে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)