পিতাই-ৰুমী কলিতা দত্ত

©Admin
0
নাঙলৰ সীৰলুত মোৰ পিতাইয়ে সপোন আঁকিছিল,
কেঁচা মাটিৰ গোন্ধৰ স'তে বিলীন হৈছিল পিতাইৰ বনিয়নৰ গোন্ধটো।

শাওণৰ মেঘালীৰ হাঁহিত
টোমৰ কঠিয়াবোৰে পিতাইৰ হাতৰ পৰশত গোপনে হাঁহিছিল ।

নাঙলৰ মুঠিতে বহু আশা
সফলতা-বিফলতা সেউজীয়া সপোনৰ
স্বৰ্ণপ্ৰসু পথাৰত।

আহিনৰ পথাৰত তেজস্বী মন্ত্ৰ
সৃষ্টিৰ সঞ্জীৱনী সুধা,
মলয়াৰ পৰশত পিতাইৰ ৰঙীণ সপোন
হিয়াত অঙ্কুৰিত হেঁপাহৰ এখনি আকাশ।
আইৰ নিৰ্মল মুখখনিত সোণাৰুবুলীয়া হাঁহি
উকা পথাৰত শান্তিৰ নতুন দিগন্ত দেখি।
মেঘৰ গৰ্জনৰ দৰে পিতাই আহে-যায়
দমৰা গৰুহাল আগে আগে
পথাৰ কৰ্ষণ কৰি হাঁহি বিৰিঙাই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)