স্নেহ বন্ধন- মনি ডেকা

Rinku Rajowar
0
হঠাৎ গায়ত্ৰীয়ে সিদ্ধান্ত লৈ পেলালে তাই গোপালৰ লগতে বিয়া হ'ব। আজি পাঁচবছৰৰ পিছত গোপাললৈ ফোন কৰিলে তাই
○"হেল্ল'গোপাল..."
○"গায়ত্ৰী..আজি ইমান দিনৰ মূৰত তোমাৰ মোলৈ মনত পৰিল যে?"
"মনত মোৰ সদায়েই পৰে। কিন্তু তুমিটো নাজানা পঢ়া শেষ কৰি ইউনিভাৰ্ছিটিৰ হোষ্টেলৰ পৰা তুমি যেতিয়া ঘৰলৈ যাবলৈ ওলাইছিলা সেইদিনা তোমাক লগ কৰিবলৈ যাবলৈ ওলোৱা গম পাই দেউতাই মোৰ মবাইলটো কাঢ়ি নি ভাঙি পেলালে আৰু মোক ৰূমৰ ভিতৰত বন্ধ কৰি ৰাখিলে।ক'লৈকো ওলাব নিদিয়ে।আজি বান্ধৱী মিতু আহিছে মোৰ খবৰ ল'বলৈ। সেয়েহে তাইৰ মোবাইলৰ পৰা কল কৰিছো।আজি দেউতা মা বাৰ ঘৰলৈ গৈছে নাহে দুদিন মান।প্লিজ গোপাল মোক লৈ যোৱা তোমাৰ ওচৰলৈ।তুমি অবিহনে এই পাঁচটা বছৰ কেনেকৈ জীয়াই আছো মইহে জানো। এই  কংক্ৰিটৰ নগৰীত মোৰ যেন উশাহ বন্ধ হৈ যাব।প্লিজ মোক লৈ যোৱা! তুমি কোৱা সেই সেউজীয়াৰে ভৰা গাঁও খন আৰু ৰূপোৱালী নদীৰ পাৰত থকা তোমালোকৰ ঘৰখনে  বাৰু মোক নিজৰ কৰি লবনে?"
"নিশ্চয়  গায়ত্ৰী।তোমাক এৰি ময়ো এটি দিনো শান্তিত থাকিব পৰা নাই।মৰম অবিহনে জীয়াই থকাটো বৰ কঠিন গায়ত্ৰী।"  "তেন্তে তুমি আজি ৰাতিয়েই ট্ৰেইনত উঠা। পুৱা ৬ বজাত মৰিয়নি ষ্টেচন পাবাহি;মই তাতেই তোমাৰ বাবে অপেক্ষা কৰিম। যিহেতু মোৰ মোবাইল নাই তোমাক আৰু ম‌ই কল কৰিব নোৱাৰিম।মাথোঁ অপেক্ষা কৰিম তুমি অহালৈ।আহিবানে গোপাল?"
"নিশ্চয় যাম গায়ত্ৰী।তুমি ওলাই আহি ৰৈ থাকিবা।"
"বাৰু এতিয়া ৰাখিছোঁ।"
"অ ৰাতিপুৱা সোনকালে আহিবা।"
উম বুলি কৈ গায়ত্ৰীয়ে ফোনটো কাটি দিলে।
বান্ধৱী মিতু গ'ল গৈ। বুকুত অখেল হেঁপাহেৰে সপোনবোৰ সাৱটি শুবলৈ যত্ন কৰিলে যদিও তাইৰ অলপো টোপনি নাহিল।কেতিয়ানো ৰাতি পুৱাব তাৰে প্ৰতীক্ষাত ৰ'ল।
"পৰভাতে শ্যামকানু ধেনু লৈয়া সঙ্গে"
ওচৰৰ নামঘৰটোৰ পৰা ভাহি অহা বৰগীতৰ সুৰটি শুনি তাই ততাতৈয়াকৈ উঠি গা মূৰ ধু‌ই ল'লে। ঘৰৰ নামঘৰটোত বন্তি এগছ জ্বলাই সেৱা কৰি কলে..
ভগৱান কিবা যদি ভুল কৰিছো ক্ষমা কৰিবা এ‌ই অভাগিনীক। হাতত মাথোঁন  চাৰ্টিফিকেট খিনি লৈ তাই মৰিয়নি ষ্টেচন অভিমুখে খোজ ল'লে।কিছু দূৰ অহাৰ পিছত অট' এখন পাই তাতেই উঠি ষ্টেচন পালে।ছয় বাজিবলৈ তেতিয়াও কিছুসময় বাকী। তাইৰ মনত অলেখ প্ৰশ্নৰ অগাদেৱা।   এনেতে দীঘল উকি এটি মাৰি ট্ৰেইনখন ৰৈ গ'ল তাইৰ সন্মুখত। তাইৰ উচ্ পিচনি যেন বাঢ়ি গ'ল। ট্ৰেইনৰ পৰা নামি অহা গোপালক দেখি স্থান কাল পাহৰি দৌৰি গৈ গায়ত্ৰীয়ে দুহাতেৰে সাৱটি ধৰিলে।                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)