মধুৰ সুৰ তুমি,
মোৰ প্ৰতিটো নিদ্ৰাৰ
স্বপ্ন তুমি,
সকলোৰে অন্তৰত থিতাপি ল'লাহি তুমি
মাথোঁ তুমি..।
সকলোৰে সুখৰ মাজত তুমি
সকলোৰে দুখৰ মাজত তুমি
সকলোতে তুমি আৰু তুমি।
কি সৌৰজগতত ,কি হৃদয়ত
কি আকাশত ,কি বতাহত!!
সকলোতে মাথোঁ তুমি আৰু তুমি!!
জীৱনৰ শেষ সাৰথি তুমি।
সেয়েহে পৰম শ্ৰদ্ধাৰে প্ৰণামো তোমাক,
হে ঈশ্বৰ.. তুমি বিৰাজমান।
✍️আশ্ৰিফা ইয়াছমিন
মৰিগাঁও