স্তৱক -তৃষ্ণা কুৰ্মী

Rinku Rajowar
0
(১)
অক্লান্ত ক্ষণবোৰ গণি
কেতিয়াবা ৰাতিটো নুপুৱাই ,
এখন ক্লান্ত নদীৰ ঘাটত
সেয়ে চাগে কেতিয়াবা ,
জীৱশ্ৰেষ্ঠই অহংকাৰো হেৰুৱাই ।

(২)
বেগাই যোৱা সময়ে
ৰৈ যোৱা কামৰ কথা সোঁৱৰাই ,
প্ৰাচীৰ ভঙা আৱেগে
বৈ যোৱা নদীৰ কথা...

(3)
নুসুধিবা , 
মই ৰাঙলী হোৱা ৰঙৰ ঠিকনা !
মইতো বৰণবলীয়া। 
নুসুধিবা , 
নদী হৈ ব'ব খোজা তাড়নাৰ আঁৰৰ কথা , 
ধৈৰ্য্যশীল বুকুৰ হাঁহিৰ ৰং আছুতীয়া ,
অপ্ৰাপ্তিত স্তিমিত সন্তুষ্টিৰ ৰং আপুৰুগীয়া ।

✍🏻তৃষ্ণা কুৰ্মী
শিক্ষা বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)