কিছু অনুভৱ,কৌতুহল প্ৰশ্ন-মামণি বৰঠাকুৰ

Rinku Rajowar
0
"নাৰী" আচলতে কি বাৰু ?এটা নিৰ্জীৱ পুতলা নেকি ?আজিৰ কুৰি শতিকাতো সঁচাকৈ নাৰীসকলে নিজৰ সন্মান বা অধিকাৰ পাইছেনে বাৰু ? দূৰলৈ চাব নালাগে , নিজৰ পৰিয়ালতে ?

এনেধৰণৰ উত্তৰ নোহোৱা প্ৰশ্ন কিছুমানে মনটো ভাৰাক্ৰান্ত কৰি তোলে কেতিয়াবা ।

আজি এগৰাকী কবিৰ সৈতে কিছু আন্তৰিক আলাপ হৈছিল মোৰ ।
ভবা নাছিলোঁ এক সন্মানীয় আসনত থকা সেই কবি গৰাকীৰ জীৱনত ইমান সংঘাত থাকিব পাৰে।
বৰ্তমান সময়ত ফেচবুকৰ জৰিয়তে বহু মহিলাই
আত্মপ্ৰকাশ কৰিছে কবি , সাহিত্যিক হিচাপে ।
কোনো গৰাকীয়ে হয়তো নিজে চাকৰি কৰি , বিলাসবহুল জীৱন কটাই আজৰি সময়ত সৃষ্টি চলাই আহিছে , কোনো গৰাকীয়ে আকৌ খেতি-পথাৰৰ কাম সামৰি , পশু ধন কেইটাক দানা , পানী খুৱাই , ঘৰৰ প্ৰতিজন লোকৰ সময়ত খোৱাৰ যোগাৰ দি সৃষ্টি চলাই গৈছে ।

বিশেষকৈ গাঁও অঞ্চলত বাস কৰা মহিলা সকলে বহু ক্ষেত্ৰত এনেবোৰ কামত দহজনৰ কটু কথা হজম কৰিব লগীয়া হয় ।

স্মাৰ্টফোন ব্যৱহাৰ আজিকালি বহুতে কৰে । কিন্তু ফেচবুকত লিখা-মেলা কৰাৰ সুন্দৰ মানসিকতা
খুব কম সংখ্যক লোকৰ হে থাকে । বহুতো মানুহে
ফেচবুক ব্যৱহাৰ কৰা মহিলা গৰাকীক বেয়া চকুৰে চোৱা ও দেখা যায় কেতিয়াবা ।

কিমান সংঘাতৰ মাজত কিছুসংখ্যক নাৰীয়ে সৃষ্টিৰ
মানসিকতা পুহি ৰাখিছে, ভাবিলে আচৰিত লাগে ।

মোৰ জীৱনত স্বামীৰ পৰা সদায় সহযোগ পাইছোঁ । তেওঁ এক বিশাল মন আৰু যথেষ্ট মৰমিয়াল , দায়িত্ব পূৰ্ণ  স্বভাৱৰ ব্যক্তি । সেয়েহে এই কথাবোৰ কেতিয়াও মনলৈ অহা নাছিল ।

কিন্তু আজি এগৰাকী নাৰীৰ বুকুৰ বেদনা খিনিয়ে
নিজকে যথেষ্ট মনোকষ্ট দিলে । সেয়েহে প্ৰশ্নবোৰ ওলাই আহিল মনৰ পৰা।

দুটা সন্তানৰ মাতৃ সেই নাৰী এগৰাকী সুগৃহিণী । খেতিয়ক স্বামীৰ সকলো সময়তে সহযোগিতা আগবঢ়াই দুটা সন্তানক শিক্ষিত কৰিলে । স্বাৱলম্বী মহিলাগৰাকীয়ে হাঁহ , কুকুৰা , পালন কৰি ,বোৱা-কটা কৰাৰ উপৰিও আৰ্থিক দিশত ঘৰখন যথেষ্ট টনকিয়াল কৰি তুলিছে । পৰিয়ালৰ সকলো দায়িত্ব নিয়াৰিকৈ পালন কৰিও তেওঁ কিন্তু স্বামীৰ পৰা
কোনো সুব্যৱহাৰ নাপায় ।

মনত অহৰহ খুন্দিয়াই থকা অনুভৱ বোৰক কবিতাৰ ৰূপ দি মানসিক শান্তি পায় । সৰুৰে পৰাই কিতাপ পঢ়ি ভাল পোৱা মানুহগৰাকীয়ে  ঘৰত যথেষ্ট কিতাপ সংগ্ৰহ কৰিছিল। 

কিন্তু হয়তো সন্দেহৰ কীট সোমাই থকাৰ বাবে নাইবা হিংসাৰ ফলতেই হওক তেওঁৰ স্বামীয়ে এদিন সেই কিতাপ বোৰ জ্বলাই শ্ব'কেচটো ভাঙি পেলাইছিল ।

তথাপিও অনুভৱি মনটোক বাধা দিব নোৱাৰি
তেওঁ ম'বাইলত লিখে ।
স্বামীয়ে গম পাই ম'বাইলটো ভাঙি পেলাইছিল ।

তথাপিও তেওঁ কেইবাটাও বঁটা পাইছিল , চেষ্টা এৰা
নাছিল । সুন্দৰ মনটোক অসুন্দৰে ধ্বংস কৰিব পৰা
নাছিল । 

এনেদৰেই বহু কষ্টেৰে পথাৰত বহিও তেওঁৰ কাপৰ পৰা কবিতা নিগৰি ওলাইছিল ।
সেই নাৰীক চেল্যুট..!

এইখিনিতে প্ৰশ্ন আহে মনলৈ কিয় বেয়া বুলি ভাবে
এই কামটো ? 
এটা সুন্দৰ মন , চিন্তা , চেতনাৰে , সমাজত যদি কিবা এটা ভাল কাম কৰিছে তাত উৎসাহ নিদি কিয় ধ্বংস কৰে ?

সন্দেহৰ কীট কিয় পুহি ৰাখে মনত ?

এটা সুন্দৰ জীৱনৰ সপোন বুকুত বান্ধি নিজৰ ঘৰখন চিৰদিনলৈ এৰি যিজনৰ বুকুত নিজক সপি দিয়ে সেইজনে যদি নিজৰ তিৰোতা গৰাকীৰ মনটোক বুজি নাপায় আন কোনে বুজিব ?

দহমাহ , দহদিন গৰ্ভত তেওঁৰ সন্তানৰ কষ্ট সহে । এটি
শিশুৰ পৰা পূৰ্ণাংগ পুৰুষ , নাৰীৰ , জন্ম দিয়ে । নিজৰ
সুখখিনি কেতিয়া হেৰাই গমেই নাপায় ! কোমল গাল দুখন খহটা হয় । মুখত বলি ৰেখা পৰে ! তথাপিও জীৱন থমকি নৰয় , স্বামীৰ বাবে , সন্তানৰ বাবে । 

অভাৱ , অনাটনত পৰিলে মদ খাই স্বামীয়ে পত্নীক নিৰ্যাতন চলায় ! মানসিক অশান্তি দূৰ কৰে । কিন্তু নাৰী গৰাকীয়ে কি কৰিব ? তেওঁ যদি সেই কাম কৰে সেইখন ঘৰ হৈ থাকিব নে ?সন্তানে কি শিক্ষা
পাব ? তাতেই ওচৰ-চুবুৰীয়া কিছুমান এনে লোক থাকে
জ্বলা জুইত ঘিউ ঢালিবলৈ ।

মৰমৰ পত্নীগৰাকীৰ সঁচা মৰম আৰু ত্যাগক যদি ক্ষন্তেকৰ বাবে ও উপলব্ধি কৰে ,বুজা পৰাৰ মাজত সমস্যাবোৰ যদি সমাধান কৰে তেনেহ'লে
নিশ্চয় মদ খাই নিজকে ধ্বংস কৰাৰ , পৰিয়ালটোক
কষ্ট দিয়াৰ প্ৰয়োজন নহ'ব।

নিজে মৰম দিলেহে মৰম পাব । ভুল সকলোৰে হয় ।
শুধৰাই ল'ব পৰাটোহে প্ৰকৃত মানুহৰ লক্ষণ ।

প্ৰথম যুগ্ম জীৱনৰ সময়খিনি কেতিয়াবা মনত পেলাওক । কেনেকৈ অশান্তিৰ সৃষ্টি হ'ল সেয়াও ভাবিব লাগে।

আপোনাৰ পত্নীক হীৰাৰ অলংকাৰ দিব নালাগে ,
ৰঙা গোলাপ এপাহকে দিয়কচোন । তেওঁ ভালপোৱা কামবোৰ কৰক । তেনেদৰে পত্নীগৰাকীয়েও স্বামীৰ প্ৰতি যদি মৰম , ভালপোৱা , দায়িত্ববোধ বজাই ৰাখে সংসাৰত কেতিয়াও অশান্তি নহয় ।

সন্তানেও নিৰাপত্তা পাব মাক-দেউতাকৰ ওচৰত ।
এখন সুস্থ সমাজৰ আশা কৰিব পাৰোঁ আমিও ।
বিশ্বাসহীনতা , বিবাহ বিচ্ছেদ এইবোৰে সমাজলৈ অশনি শংকেত কঢ়িয়াই আনে ।
পিতৃয়ে যেতিয়া মাতৃক আদৰ সন্মান কৰা দেখিব , তেতিয়াহে তেওঁলোকৰ পুত্ৰ সন্তানে নাৰীক সন্মান
কৰিবলৈ শিকিব । 
ধৰ্ষণ , হত্যা ,অপহৰণ , কেৱল প্ৰতিবাদ কৰিলেই নহ'ব। আমাৰ সন্তান সকলক সুস্থ চিন্তা-চেতনা , মৰম ভালপোৱাৰে সৰুৰে পৰাই শিক্ষিত কৰি তুলিব লাগিব । প্ৰথম শিক্ষাৰ কঠিয়াতলী নিজৰ ঘৰখনেই হ'ব লাগিব।।
শান্তিৰ আৰু জ্ঞানৰ জ্যোতিৰে সমাজৰ প্ৰতিজন লোককে জিলিকাই তোলক তাৰেই কামনা কৰিলো ।।


✍🏻মামণি বৰঠাকুৰ 
মৰাণ , ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)