নীলা খামৰ চিঠি -সংগীতা মাইনা ডেকা

ঐ, মোৰ মৰমৰ শৰৎ

          মৰম ল'বি । আনিছোঁ একাঁজলি স্নেহৰ শব্দ গুচ্ছ মাথোঁ তোৰ বাবে । কৰিবিনে তই আলিংগন এই নিমাখিত চেনেহক । ধীৰে ধীৰে আহিছ' তই শীতৰ বাৰ্তা বাহক হৈ । হয় নে ? কহুৱাৰ কোলাত তোৰ সুন্দৰতাৰ দোলনিয়ে মন প্ৰাণ হৰে অ' মোৰ । সৌ প্ৰোজ্জ্বল নীলাভৰ, শুভ্ৰ ডাৱৰে মনত আঁকি দিয়ে নিৰ্মলতাৰ পৰশ । তোৰ আশীৰ্বাদত স্নিগ্ধ কোমল চন্দ্ৰ দীপ্তিয়ে আহি , নিৰৱ সত্ত্বাকো যে জিলিকাই তোলে । অনুভৱ কৰিছ' নে ? জান' নে তই ? শীতল শীতল টোপালেৰে নিয়ৰৰ মুকুতাবোৰে এক বুজাব নোৱাৰা প্ৰশান্তি দি যায় হি । কেনেকৈ নো বুজাও তোক ! তোৰ স্নেহাল বক্ষবন্ধনৰ বিশালতা নীলাভ সম । যাক তোৰ দৰিদ্ৰ প্ৰেয়সীয়ে সাৱটিব নোৱাৰে । 

     সকলোতে কেৱল শাৰদীয়তা । কিন্তু এন্ধাৰ পঁজাটি যে আজিও অকলশৰীয়া । ভোকাতুৰ সি, পৱিত্ৰ শৰতময় আলোকৰ । নাজানোঁ ! সময়ৰ তুলাচনীত জীৱনৰ গতি পথৰ দিশ কোনফালে নো আছে ? তথাপিও হে শৰৎ, তই মোৰ আপোন অতিকৈ আপোন আৰু প্ৰিয় । চাগে তোৰ ! আমনিয়েই লাগিছে এই চিঠিখন পঢ়ি । নহয় জানো ? ভাবিছোঁ দে মই নিঃশব্দে নিৰৱে । সেয়ে এতিয়া, প্ৰেমাঞ্জলি নিবেদি তোলৈ, সামৰিছোঁ আজিলৈ এই দুখুনী চিঠিখনি । আশা কৰোঁ এই দুখীয়া মৰমবোৰ তই ল'বি আঁকোৱালি....

                                                                   ইতি
                                                          মৰমেৰে তোৰ
                                                                  প্ৰিয়া

স্থান - শব্দ নগৰী 
তাৰিখ - ০৩/১০/২০২১

সংগীতা মাইনা ডেকা ,ৰঙিয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send