গল্প - জীৱন সংগ্ৰাম-জয়ন্ত কুমাৰ নাথ

Rinku Rajowar
0
ডাঁৱৰে ভৰা আকাশখনি গুমাই থাকে বৰষিবলৈ প্ৰকৃতিৰ বুকুলৈ । নৈ পৰীয়া ৰাইজেও বাট চাই থাকে এজাক মূষলধাৰ বৰষুণ আহিব , নৈখনিৰ পানীয়েও নাচি উঠিব, ধাৰাসাৰে ঢল ব'ব । উজাই আহিব জাকে জাকে বনৰীয়া মাছ । সপোনবোৰ যেন চকুৰ আগতে চলবলীয়া হৈ ভাঁহি থাকে ।
     ৰহিমৰ ফটা কামিজটোৰ ভৰ ৰ'দালিয়েহে উমান পায় । গাত ৰ'দ নলগা,বৰষুণ নপৰা মানুহৰ দৰেই দিনে নিশাই নৈখনৰ বুকুত উমান জোখে পানীৰ । টুলুঙা নাওখন আকৌ ভাড়ালৈ লয় মহলদাৰ ৰামলালৰ পৰা, দিনটোৰ বিনময়ত মাছ দুই কিলোগ্ৰাম দিবই লাগিব । কেতিয়াবা খালী মোনাটোৰ কোণত লাগি থকা মোৱা-দৰিকাকেইটাও প্ৰতিশ্ৰুতিৰ দাস হৈ পৰে । মাছবোৰেও ৰহিমৰ ফটা জালখনলৈহে বাট চাই ৰয় ।  আনৰ জালতকৈ ৰহিমৰ জাল সদায় এখোপ ওপৰত থাকে । বোলে ' মাছমৰীয়াকহে চিনি পায় মাছে' । ৰাতি কি দিন, নাই ভেদাভেদ । জীৱন সংগ্ৰাম মাথোঁ জীৱন সংগ্ৰাম । পেটৰ তাড়ণাত পৰি জিভাৰ লোভৰ মাছবোৰো চকুৰ আগতে বিক্ৰী কৰি মোকলাব লগা হয় ভাত মুঠি ।
   
      জোৎস্নাইও ৰাতিৰ আন্ধাৰত চাকিটোৰ সাৰথিৰে বাট চাই ৰয় কণমানি বিটুক কাষতে লৈ । আকাশৰ তৰা গণা ছালৰ জলঙাবোৰেও জোনাকী পোহৰ বিলাই ঘৰৰ মজিয়াত । ভগা বেৰবোৰ নো কিমান বাতিব , বুকু কঁপে শিয়ালী বাইৰ ৰাঁওত ।
   থৰক বৰক খোজেৰে মাকৰ আঁচল ধৰি পেটকণি বিটুক মৰমলগা হাঁহিটোৰে বৰ পুতৌ লাগে । ৰঙীন সপোন দেখা পায়, তাৰ মুখলৈ চাই । আশাবোৰ তাৰ  ভাগ্যতে এৰি বেকাঁকৈ এচেৰেঙা  সুখৰ হাঁহি মাৰে দুয়ো । ৰ'দালিৰ পোহৰেৰে সপোন জিলিকাই তুলিব  যেতিয়া সি এদিন ডাঙৰ হ'ব ।

      বেলি এপৰ হ'বৰ হ'ল । জোৎস্না এতিয়াও আহি নোলাল হি ! আজি ৰ'দো বৰ প্ৰখৰ । মাছবোৰো গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ দ' ঠাইলৈ গতি কৰিলে চাগে । মৰতি জনীৰ আজি ইমান দেৰিলৈ দেখা দেখিয়ে নাই । উৎকট গৰমৰ প্ৰকোপত পিয়াহত  কণ্ঠ শুকাই গৈছে মোৰ ।
   ৰ'দত ৰঙা-চিঙা পৰি পেটুকুণ্ডা পোনাটি বোকোচাত লৈ  এখুজীয়া খোজেৰে ভাত কেইটা লৈ আহি ওলোৱা জোৎস্নাক দেখি ৰহিম খঙতে জ্বলি-পকি উঠিল , যদিও বেচেৰাৰ ভোকৰ ভাত কেইটা পেট ভৰাই খোৱাৰ বাহিৰে অন্য একোৱেই উপায় নাই ।
   
     আজিও জালত মাছেই নাপালোঁ,, ইফালে মহাজনক মাছ নিদিলে ৰাতিৰ সাজ যোগাৰ কৰিম কেনেকৈ মৰমী । মাছ নিদিলেও কেটেৰা মাত । 'সৰু মানুহৰ সৰু কথা, পেটৰ ভাতকেইটা মোকলাবলৈ কিমান যে সংগ্ৰাম কৰিব লগা হয় ! তথাপিও জানো নিজৰ জীৱন  লগৰী জনীৰ মৰমক এধানিও কম কৰিব পাৰো ? ' 
   ভগৱানে সকলো ঠিক কৰি দিব । কালিলৈ মাছ দিম বুলি অলপ টকা ধাৰলৈ ল'ব নোৱাৰিনে ?  জোৎস্নাৰ কথাত ৰহিমৰ কণ্ঠলৈ অলপ পানী আহিল । কিন্তু.....
    আকাশখনিত আজি মেঘালীয়ে বৰণ সলাইছে । গুমগুমাই গাজি উঠিছে ,ঢোলৰ গুমগুমনি শব্দৰ দৰেই আকাশ বতাহ । নৈৰ পাৰৰ দুষ্ট বলিয়া বতাহজাকো অশান্ত হৈ উঠিছে । বৰষুণজাক আহিলে কণমানিটোক লৈ কেনেকৈ বাধা দিব ফুটা ছালৰ পৰা সৰকা টোপালবোৰক । সেই ৰহিম আজি মাছলৈ নাযায় কিন্তু নদীত পাতি থৈ অহা জালখনৰ বাবেহে চিন্তা হয় । তথাপিও ৰাতিতো পাৰ কৰিলে পানীবোৰক কোনোমতে বাধা দি । 
      ৰহিমৰ দুখৰ বুৰবুৰণিবোৰে যেন বুকুতে খুন্দিয়ালে । পুৱাই বেয়া খবৰটোৱে দুচকু চলবলীয়া কৰিলে । বহুত শ্ৰমৰ বিনিময়ত কোনোমতে জাল এখন লৈ মাছ ধৰি পৰিয়ালটি  পোহপাল  দি আছিল । কিন্তু চকুচৰহা বোৰৰ বাবে সেয়াও সহ্য নহ'ল ।
      'হে ভগৱান ! কিয় এনে কৰিলা ? এতিয়া কেনেকৈ চলিম ? ' জাল খন লৈ মাছ মাৰিয়েই পৰিয়ালটো চলাই আছিলোঁ , তাকো লৈ গ'ল চোৰে । 
     মই তোমাৰ একো অজুহাত শুনিব নিবিচাৰোঁ । টকা ধাৰলৈ লৈছা যিহেতু মাছ দিবই লাগিব । মাত্ৰ এদিনৰ সময় দিলোঁ , মাছ দিব নহ'লে টকা ঘূৰাই দিবা ।মহাজনৰ ভেকাহি মৰা কথাত ৰহিমৰ চকু পানী টুকাৰ বাহিৰে অন্য একো উপায় নাই । 
    এনেই দুখে জুৰুলা কৰি ৰাতিবোৰ নাযায় পাৰ হৈ । তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰা দি বিপদ বোৰে দিয়ে দেখা । জীৱন সংগ্ৰামৰ কাঁইটীয়া পথবোৰ কঁপালৰ পৰা নুগুচিবই নেকি ।
     মহাজনৰ তাগিদাত জোৎস্নাইও মহাজনৰ ঘৰত কাম কৰি টকাকেইটা পৰিশোধ কৰাৰে সিদ্ধান্ত ল'লে । আনৰ ঘৰত গৈ কাম বিচাৰি  যেনে তেনে পেটৰ আহাৰ কেইটা মোকলাই গ'ল । তেওঁলোকৰ জীৱন সংগ্ৰামৰ পৰিচয় হৈ ৰ'ল কণমানি বিটু ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)