পদূলি মুখত থকা শেৱালিজোপাত
এপাহ ,দুপাহকৈ ফুলবোৰ ফুলিব ধৰিছে...
নিজৰ সুগন্ধিৰে বিলাই দিছে
শৰত অহাৰ বতৰা..
লাহে লাহে ৰাতি গভীৰ হৈছে,
দূৰৈত ৰিণিকি ৰিণিকি ভাঁহি আহিছে
নিশাচৰ পক্ষীৰ মাত,
সেইসময়ত....
নিদ্ৰাদেৱীৰ কোলাত সকলোৱে জিৰণি লৈছে।
প্ৰাণখুলি শেৱালিজোপাই বিলাইছে নিজৰ সুগন্ধি..
দুৱৰিৰ পাতত জিলিকিছে
কুঁৱলীৰটোপালবোৰ
খহি পৰিছে এপাহ,দুপাহ শেৱালি
আন্ধাৰ ফালি আহিছে
জোনাকী পৰুৱাৰ জাক,
লাহে লাহেসুৰুযে ভুমুকি মাৰিছে,
জয় পৰিছে স্নিগ্ধ বগা শেৱালিবোৰ..
পুনৰ অপেক্ষা ৰাতিৰ জোনাকলৈ,
আকৌ ঘূৰি আহিব নিজৰ বতৰা লৈ
মায়াময় জোনাকৰ ৰাতি ।