কৃষ্ণচূড়াই হাঁহে,
মুকলি আকাশৰ তলত তাই দুভৰি থয়।
পৃথিৱীয়ে তাইক আকোৱালি লয়,
এজাৰেও তেতিয়া বেজাৰত নৰয়,
সুৰুযৰ সোনালী চিকমিকনিয়ে তাইক উজ্বলাই তোলে।
তাই তুলি লয় দুহাতত সপোনৰ মোহময়ী বালিচন্দা,
তাই সপোন ৰচে,তাই সপোন ৰচিব জানে!
নৈকাথ্যৰ পথিক তাই
টুলুঙা নাও কোবাব জানে।
তাই সদ্যস্নাতা লয়লাসেৰে
মূৰৰ চুলিতাৰি এচাৰে,
এচাকনী মাৰে কিনকিনীয়া বৰষুণজাকে!
চেঁচা কোমল বতাহচাটিয়ে স্পৰ্শ কৰি যায়,তাইৰ শৰীৰ
খিলখিলাই উঠে তাইৰ ৰঙীন সপোনবোৰ;
অনুভৱবোৰে হেতালিয়াই তাইৰ হৃদকাননত,
জীপাল হয় তাইৰ অনুভৱবোৰ।
✍️ ডিম্পী বৰা
বোকাখাত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ