গামোচা-মামণি বৰঠাকুৰ

অসমীয়া সমাজ জীৱনত বহুলভাৱে ব্যৱহৃত এবিধ
বস্ত্ৰ হৈছে"গামোচা"। অসমীয়া সংস্কৃতিৰ অন্যতম
পৰিচয়, অসমীয়া সমাজৰ অতি আদৰৰ এই গামোচা।

গামোচাৰ উৎপত্তি সম্পৰ্কে কোনো ঐতিহাসিক সমল পোৱা নাযায়। সাহিত্যত গামোচাৰ অৰ্থ হৈছে
শৰীৰ মচা বস্ত্ৰ।গা মানে শৰীৰ ,আৰু মচা অৰ্থাৎ শৰীৰ মচা কাৰ্য।গা,মচা ডুখৰীয়া বস্ত্ৰ গামোচা।

ভাৰতৰ আন ৰাজ্যৰ পৰা গামোচা আহিছিল বুলি
জনা নাযায় বা অসমৰ বাদে আন ঠাইত গামোচা ৰ
ব্যৱহাৰ দেখা নাযায়।

বৰ্তমান থাইলেণ্ডত গামোচাৰ দৰে এবিধ বস্ত্ৰ ব্যৱহাৰ কৰে বুলি জনা যায়।

স্বৰ্গদেউ চুকাফাৰ দিনত পৰিধান কৰা বস্ত্ৰ,বচোৱাল, টঙালি,মুৰত পখ্ৰৌ, তথাপিও দুয়োমূৰে ৰঙা আচুৰ ফুল দিয়া কপাহী গামোচা মূৰত মেৰিয়াই বন্ধাৰহে নিয়ম আছিল। 

সম্ভৱতঃ বিদেশৰ পৰা চুকাফাৰ লগত অহা দলটোৱে আন টাইসকলৰ দৰে মূৰত পখ্ৰৌ মাৰিছিল আৰু ভূমিপুত্ৰ বৰাহীসকলৰ পৰা গামোচা মাৰিবলৈ শিকিছিল।

সদৰামিন বৰুৱাৰ বুৰঞ্জী পৃষ্ঠা..১৪,ত উল্লেখ আছে এই কথা।

অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকসকলে গামোচা
ব্যৱহাৰ কৰে।তাৰে ভিতৰত......,
১/কছাৰী আৰু কোচসকলে..... হালধীয়া ৰঙৰ,
২/তিৱা সকলে......কমলা ৰঙৰ,
৩/ৰাভাসকলে ...... ৰঙা ৰঙৰ গামোচা ব্যৱহাৰ কৰে।
বগা ৰঙৰ গামোচা খন উজনি অসমত সৃষ্টি হৈছিল আৰু থলুৱা ভূমিপুত্ৰ সকল,যেনে.... চুতীয়া,বৰাহী,
দেউৰী,মৰাণ, ইত্যাদি জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰিছিল।
এই গামোচাৰ ৰঙ বগা হোৱাৰ এটা বিশেষ কাৰণ আছে।
প্ৰাচীন কালত উজনি অসমত জনজাতীয় তান্ত্ৰিক ধৰ্মৰ প্ৰচলন আছিল। 

এই থান সমূহত দেউৰী সম্প্ৰদায়ৰ পূজাৰীয়ে পূজা অৰ্চনা কৰিছিল।
দেউৰী সমাজৰ নীতি-নিয়ম অনুসৰি থানৰ ভিতৰত বগা ৰঙৰ সলনি অন্যৰঙৰ বস্ত্ৰৰ প্ৰৱেশ নিষিদ্ধ আছিল। লোক বিশ্বাস অনুসৰি দেৱীয়ে
বগাৰ বাদে আন ৰং সহ্য নকৰে। সেয়েহে দেৱীক
সন্তুষ্ট কৰিবলৈকে গামোচাৰ লগতে মন্দিৰলৈ পিন্ধি যোৱা বস্ত্ৰৰ ৰঙো বগা আছিল।
চাৰিশাল গোঁসানীৰ দেশ শদিয়াৰ লগত গামোচাৰ
এক বিশেষ সম্পৰ্ক আছে।

গামোচা সাধাৰণতে ছয় প্ৰকাৰৰ আছে।
১/পানী গামোচা।
২/তামোল গামোচা।
৩/গোঁসাই থাপনাৰ গামোচা।
৪/অনাকটা গামোচা।
৫/দৰাবৰণৰ গামোচা।
৬/বিহুৱান বা ডাঙৰ ফুলৰ গামোচা।

অনাকটা গামোচা সাধাৰণতে  এখনহে লগাই। দুয়োমূৰে দুটা শলি সোমোৱাই  ৰখা হয়।বৈ শেষ হোৱাৰ পাছত শলিৰ পৰা উলিয়াই আনে।বিয়া বা এনে মাঙ্গলিক কাৰ্য্য ত এই গামোচা ব্যৱহাৰ কৰা হয়।
নামনি অসমত গামোচাক,গাম্চা,মুক্চা ,বা দুহেইটা 
বুলি ও জনা যায়।

অসমীয়াৰ অতি আদৰৰ এই গামোচা সাধাৰণতে
বগা ৰঙৰ,দুয়োকাষে ৰঙা আচুৰে বোৱা হয়। দুয়োমূৰে ফুলবছা, কেতিয়াবা মাজভাগতো বুটা বছা দেখা যায়। নামঘৰত ভগৱানৰ নাম লিখা গামোচা থাপনাত  দিয়া দেখা যায়।

বিশিষ্ট ব্যক্তি সকলক সন্মান জনোৱা কাৰ্যতো
গামোচা ব্যৱহাৰ কৰা হয়।

গাঁৱৰ সমাজত ঘৰুৱা কাম কাজ কৰা সময়তো
বহু লোকে গামোচা এখন পিন্ধি লোৱা দেখা যায়।

সামাজিক অনুষ্ঠান, নামঘৰ, মন্দিৰ, বিভিন্ন মাঙ্গলিক কাৰ্য্যত,গুৰুজনৰ ওচৰত সেৱা লওঁতে,
গামোচা খন কান্ধত লোৱাটো অসমীয়া সকলৰ নিয়ম আৰু পৰম্পৰা।

বিহুত বিহুৱা ডেকাৰ মূৰত বিহুৱান,কঁকালত টঙালি থকাতো বাধ্যতামূলক। কাৰণ ই অসমীয়া সংস্কৃতিৰ এক অংশ।

ডেকা, গাভৰুৰ প্ৰেমৰ প্ৰথম চিন স্বৰূপে এই বিহুৱান যচা হয়।

তাৰোপৰি ছোৱালী বিয়া দিয়াৰ পাছত নতুন ঘৰখনত জেষ্ঠ সকলক তামোল পাণৰ লগতে
এখন গামোচাৰে মান ধৰাৰ নিয়ম সমাজত প্ৰচলিত হৈ আহিছে।

অসমীয়া সমাজত কোনো, কোনো ঠাইত এতিয়াও
বিহুত আলহী আহিলে গামোচা এখন দিয়াৰ নিয়ম আছে।

গামোচা ববলৈ আৰম্ভণি  কৰাৰ পৰাই ব্যৱহাৰ কৰালৈকে নেদেখা এনাজৰী এডালে সকলোকে
বান্ধি ৰাখে।

তাঁত বাতি কৰা,ৰাহত সূতা সোমোৱা,শালত উঠোৱা,ফুল তোলা ,সূতা চিগিলে জোৰা লগোৱা
এই সকলোবোৰ কামতে দুই, তিনিগৰাকী লোকৰ
প্ৰয়োজন হয়। এনেদৰে এক আত্মীক সম্পৰ্ক গঢ়ি উঠে।

যেতিয়া গামোচা শালৰ পৰা কাটিব হয়,এক পৰিতৃপ্তিৰে মন ভৰি পৰে।

 সঁচাকৈয়ে অসমীয়া শিপিনীয়ে গামোচাত সপোনৰ তৰা ফুল বাছে।
বৰ মৰমৰ,অতিকৈ হেঁপাহৰ, অতিশয় শ্ৰদ্ধাৰ এই
গামোচা।
যিমান দিন পৃথিৱীত অসমীয়া জাতি জীয়াই থাকিব,সিমান দিন আমাৰ মৰমৰ"গামোচা"খন
অমৰ হৈ থাকিব।।


(বি:দ্ৰ:/বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছে)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send