চাদৰ উৰুৱাই
পক্ষীৰাজ ঘোঁৰাৰ
পিঠিত বহি ধৰাৰ
বুকুলৈ আকৌ আহিল
শাৰদী ৰাণী।
পুৱাৰ দুবৰিৰ দলিছাত
সৰি পৰা নিয়ৰৰ মুকুতাবোৰে
তলসৰা শেৱালিজাকৰ লগত
পাতিছিল এখনি ফুলৰ মেলা!
শেৱালিৰ আমোলমোল
সুবাসৰে সুবাসিত আজি
মোৰ নিজান পদূলি;
আলফুলকৈ ফুলি উঠা
কঁহুৱাজাকেও দেখো
বৰ আনন্দৰে নাচিছে!
দেৱীৰ আগমনৰ লগে লগে
চৌদিশে আজি
উন্মাদ মাদকতা ।।