মৰম ল'বা। আশা কৰোঁ এই শাৰদীয় বতৰত ভালে কুশলে আছা। শুভ্ৰ কহুৱাই বতাহত হালি জালি দেহ,মন জুৰ পেলাই শৰতৰ বতৰা কঢ়িয়াই আনিছে। স্বচ্ছ নীলা আকাশৰ পৰা সৰি পৰা হীৰা সদৃশ নিয়ৰৰ টোপাল, দূবৰি বন, দলিচা গচকি শেৱালী ফুলৰ সুগন্ধিময় প্ৰেমত মাতাল হৈ ৰোমন্থন কৰি কঢ়িয়াই আনিছে শৰতৰ বতৰা। তোমাৰ অভিমানি যৌৱনৰ ৰূপ ৰেখা স্বতঃস্ফুত প্ৰকাশ হৈ চৌপাশ জীপাল কৰি মাথোঁ উৎসৱ মুখী পূজা পূজা লগা বতৰে সকলোকে আনন্দৰ জোৱাৰ তুলি ৰঙীন কৰি তুলিছে। তোমাৰ ৰূপ, গুণত আপ্লুত হৈ প্ৰতি ক্ষণতে তুমি এপাহ ফুলহৈ ফুলি আছা মোৰ হৃদয়ৰ গভীৰ অংশত। তোমাক দেখোন তেনেকৈ দেখি সান্তনা ল'বলৈ শিকিছোঁ! নালাগে তুমি মোৰ সৈতে ৰেষ্টুৰা কিম্বা চিনেমা হ'লত মধুৰ প্ৰেমৰ চিনেমাৰ ৰোমান্টিক দৃশ্য চাই আনন্দৰ মাদকতা ল'ম। মই দেখোন এনেকৈ দূৰে দূৰে থাকি সুখ অনুভৱ কৰোঁ। সেয়ে তুমি সদায় নিস্বাৰ্থভাৱে কৃপণালি নকৰাকৈ মৰম বোৰ দি থাকিবা। কেতিয়াবা শুভ্ৰ কহুৱাৰ মলয়া বতাহ হৈ, কেতিয়া শেৱালীৰ সুগন্ধিময় সুৱাস হৈ। যিদিনা তুমি ভাবিবা, ওৰেটো জীৱন মোৰ লগত সুখী হৈ থাকিব পাৰিবা বুলি অনুভৱ হয়! সিদিনাই নিসন্দেহে মোৰ হৃদয়ৰ গভীৰ কোণত সোমাই আহিবা, তোমাৰ কাৰণে মোৰ হৃদয়ৰ ৰঙা দলিচা সদায় সযতনে সংৰক্ষণ কৰি থোৱা আছে।
আজি কালি এই দুৰ্ভগীয়া তোমাৰ কাৰণে পাগল প্ৰেমিক জনৰ খবৰ ল'বলৈ অকণ সময়ৰ অভাৱী হৈ নিজৰ কৰ্ম ব্যস্ততাত সোমাই পৰিছা!
হ'ব এতিয়া কথা কৈ আৰু তোমাক বেছি আমনি নকৰোঁ। আগ্ৰহেৰে তোমালৈ লিখা এই পত্ৰখন সময় উলিয়াই পঢ়ি চিঠিৰ উত্তৰ পোৱাৰ আশাৰে আগ্ৰহেৰে বাট চাই থাকিম।
ইতি
তোমাৰ দুৰ্দান্ত প্ৰেমিক
ৰাগ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ