সুখে-দুখে ছাঁৰ দৰে অবিনশ্বৰ হৈ ৰোৱা বট বৃক্ষ সদৃশ মানুহ জন দুৰাৰোগ্য ব্যাধিত মৰি থকাত,উত্তপ্ত ৰ'দ জাকত ভম্ ভমকৈ জ্বলি উঠা জুইকুৰাত আপদীয়া শৰীৰটো জ্বলি উঠিল তাই।মূৰটো আচন্দ্ৰাই কৰিলে।
সৰা পাতৰ দৰে জহি-খহি যোৱা হাড়কেইডালত পূৰ্বৰ দৰে শক্তি ৰসেৰে টনটনীয়া অশ্বাৰোহী কৰ্মগতিৰে ক্ষিপ্ৰতা মনোবল বঢ়াই তাই কাম কৰিবলৈ উলাই গ'ল,একমাত্ৰ পেটৰ ভোকটোৰ বাবে।
সমাজৰ মুখা পিন্ধা ভদ্ৰ সমাজ খনত নিজৰ উঠন বুকুখন ঢাকি তাই কান্দি উঠিল, প্ৰচণ্ড বতাহ ধুমুহাই গছ-বন উৰুৱাই নিয়াৰ দৰে, জীৱিকাৰ বঠাপাত ভাঙি হমহমোৱা, ছটফটাই বুকুৰ বিষটো ফালি উলাই অহা ধাৰাসাৰ লোতকখিনি ,কোনোৱে নেদেখাকৈ বৰষুণ জাকৰ লগত তাই মিলাই দিলে।
✍🏻বিটুমনি কোছঁ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ