বিষন্নতা-চিন্ময় বৰা

Rinku Rajowar
0
এতিয়া আৰু লিখিব নোৱাৰা হ'লো
হৃদয়ত হৃদয় মিলা কবিতা
আন কাৰোবাক উদ্দ্যেশ্যি, কিম্বা তোমাৰ নামত, 
কিয়নো প্ৰতিটো শব্দত এতিয়া  মোৰ 
বিষাদ বাগৰে তুমিহীনতাৰ প্ৰভাৱত, 
তুমি নাই গতিকে উকা হৃদয়ত প্ৰেমৰ এটা দাগো নাই।
তুমি নাই গতিকে মোৰ এই চঞ্চল ৰাতিত জোনৰ পোহৰো নাই।
অৱশ্যে সুখ আছে এতিয়াও অলপ, 
কিন্তু সেই সুখৰ তুলনাত বিষাদহে অধিক, 
নাই এতিয়া আৰু কাৰো প্ৰেমত পৰাৰো ইচ্ছা নাই,
তুমি নথকাত এতিয়া আৰু সেই বৰ্ষাতো প্ৰেম নাই, 
প্ৰেম নাই এই পৃথিৱীৰ কোনো কোণত,
তুমি নাই গতিকে উল্লাস নাই আজি এই মনত। 

"খিৰিকীখন খুলি দিয়াত এজাক উদং বতাহে
সিক্ত কৰি তুলিছেহি বুকুখন, 
তুমি যে নাই তাৰ উমান পাই, 
এতিয়া লাহে লাহে জ্বলিব ধৰিছে হৃদয়খন ।।"

চিন্ময় বৰা
বিশ্বনাথ চাৰিআলি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)