চেনেহী শৰৎ- দিপশিখা ৰাজকোঁৱৰ

মানুহৰ মনবোৰ পুলকিত কৰি
আকৌ আহিছে চেনেহী শৰৎ
তাকে দেখি প্ৰকৃতি ৰাণীয়ে
ন সাজ পিন্ধিছে।
এজাক মৃদু বতাহে
দেহা মন জুৰাই পেলাইছে
নিশা পদূলিমুখৰ শেৱালিজুপি
ডাল ভৰি ফুলিছে
পুৱা দূৱৰিৰ দলিচাত
সুন্দৰ ছবি আঁকিছে।
কঁহুৱা আৰু ঝাওবন বোৰ
হালিছে জালিছে
চৰাইজাক উৰি গৈছে
বহু দূৰলৈ...!
দূৱৰি বনে কুঁৱলীৰ ওৰণিখন
মৰমেৰে আদৰি লৈছে।


Post a Comment

Previous Post Next Post