সন্তানৰ ব্যক্তিত্ব গঠনত অভিভাৱকৰ ভূমিকা-মামণি বৰঠাকুৰ

Rinku Rajowar
0
এটি সন্তানৰ বাবে প্ৰতিটো পৰিয়ালত বহু সপোন আৰু হেঁপাহ থাকে।

আৰু সন্তান এটি জন্ম হোৱাৰ লগে লগেই পৰিয়ালৰ বাবে দ্বায়িত্ব কিছুমান আহি পৰে।
ঘৰখনেই শিশুসকলৰ বাবে শিক্ষাৰ প্ৰথম কেন্দ্ৰস্থল।থুনুক,থানাক মাত ফুটাৰ পৰাই শিশুৱে
অভিভাৱকক অনুকৰণ কৰিবলৈ লয়।

পৰিয়ালৰ সদস্য সকলৰ আচাৰ, ব্যৱহাৰ, স্বভাৱ চৰিত্ৰ ই শিশুসকলৰ চৰিত্ৰ গঠনত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়।

বিশেষকৈ মাক দেউতাকক বেছি কৈ লক্ষ্য কৰে শিশুৱে। 

১/ ল'ৰা ছোৱালীক যদি সৰুৰেপৰাই অকলে থকা,অকলে খোৱা শিক্ষা দিয়া হয়, ভৱিষ্যতে তেনে সন্তান অতিমাত্ৰা স্বাৰ্থপৰ হ'ব পাৰে। নিজৰ বাদে তেওঁ লোকে কাৰো কথা ভাবিব নোৱাৰে। ফলস্বৰূপে ডাঙৰ হৈ নিজৰ পিতৃ মাতৃক এৰি যাবলৈও তেনে সন্তানৰ এক চেকেণ্ডো নালাগে।

২/ প্ৰতিবেশীৰ প্ৰতি হিংসা ভাব যদি পিতৃ মাতৃৰ
দেখে, ভৱিষ্যতে সন্তানো হিংসুক প্ৰকৃতিৰ হ'ব পাৰে।আনৰ উন্নতি তেওঁ লোকে সহ্য কৰিব নোৱাৰে।চল পালেই প্ৰতিৱেশীৰ লগত কাজিয়াত
লিপ্ত হৈ মন, মগজুৰ লগতে পৰিৱেশ বিনষ্ট কৰিব পাৰে।

৩/পঢ়াশালিত মিলাপ্ৰীতিৰে থাকিব নোৱাৰে,প্ৰতিখোজতে অসন্তোষ ভাব থাকে,সমনীয়াক অন্যায় কৰিব ও পাৰে এনে সন্তানে।

৪/উশৃংখল জীৱন যদি পিতৃ মাতৃৰ দেখে,তেনে
সন্তানে  ভৱিষ্যতে  শৃঙ্খলাবদ্ধ জীৱন যাপন কৰিব নোৱাৰে।মনৰ কথাবোৰ খুলি কব নোৱাৰি,তেনে সন্তান  মানসিক ৰোগৰ চিকাৰো  হ'ব পাৰে কেতিয়াবা।

৫/দয়া,মৰম, ভালপোৱা, পৰস্পৰৰ প্ৰতি আন্তৰিক
বুজা পৰা , শৃংখলা বদ্ধ জীৱন, এইবোৰ যদি সৰুৰেপৰাই সন্তানে দেখা পায় ঘৰখনত,তেনে সন্তান ভৱিষ্যতে এজন সুনাগৰিক হ'ব পাৰে।

৬/আধ্যাত্মিক চিন্তা চৰ্চা, ডাঙৰক সন্মান কৰা, মানুহৰ  প্ৰতি মৰম,এইবোৰে সন্তানৰ মনত সাহস, শক্তি আৰু মানৱতাবোধ জগাই তোলে।সততে আনক সহায় কৰিবলৈ যত্নপৰ হয়।

৭/ চুৰি, মিছা কথা কোৱা,এই কামবোৰৰ পৰা আধ্যাত্মিক চিন্তা চেতনাই সন্তানক আতঁৰাই ৰাখিব পাৰে। নেদেখা জনৰ প্ৰতি এটা ভয় আৰু ভক্তিয়ে
সন্তানক সুস্থ জীৱন নিৰ্বাহ কৰিবলৈ প্ৰেৰণা দিয়ে।
ফলশ্ৰুতিত দহজন লোকক সহায় কৰিবলৈ যত্নপৰ হয়,এনে সন্তান।

৮/মাক দেউতাকক যদি সৰুৰেপৰাই ডাঙৰ সকলৰ অবাধ্য হোৱা দেখে,তেনে লোকৰ সন্তানে
ডাঙৰ হৈ তেনে কামেই কৰিব। পাছত সন্তানক দোষ দি লাভ নাই।কাৰণ,"বুঢ়া বাঁহ পোনাব নোৱাৰি।"

৯/নিজে বেয়া কাম কৰি,সন্তানক ভাল হবলৈ কৈ লাভ নাই।কাৰণ সন্তানে অভিভাৱকক অনুকৰণ কৰে।কথাতে কয়"উপদেশতকৈ  আৰ্হি ভাল"!

১০/মুঠতে সন্তানৰ ব্যক্তিত্ব আৰু চৰিত্ৰ গঠনত অভিভাৱকৰ  ভুমিকা অপৰিসীম। 

এজন,সৎ, সংস্কৃতিবান,আদৰ্শবান,জ্ঞানী, সুন্দৰ চৰিত্ৰৰ ,মানৱদৰদী লোক গঢ়িবলৈ হ'লে, প্ৰথমে
অভিভাৱকৰ সেইখিনি গুণ থাকিব লাগিব, তেতিয়া হে তেনে এজন লোক সমাজে আশা কৰিব পাৰে।।

✍️মামণি বৰঠাকুৰ, মৰাণ, ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)