গোমৰ ফাঁক-দেৱ দাস

Rinku Rajowar
0
গগন কাকতিয়ে আজি কালি বেপেৰুৱা ভাৱে আওঁৰাবলৈ লোৱা কোনোবা অচিনাকি বাক্য এশাৰীয়ে কাকতিয়নীক মহা চিন্তাত পেলাইছে। গালি নে প্ৰশংসা, অবাইচ মাত নে ঈশ্বৰৰ নাম , কি ভাষাৰ বাক্য ইত্যাদি  ইত্যাদি ,নানান উত্তৰবিহীন প্ৰশ্ন ।কাক সুধিব? কোনে ক'ব? যদি কিবা অশ্লীল প্ৰস্তাৱ বা অশ্লীল গালিয়েই  হয়!লগতে মাৰা তেজপুৰ ফেমাচ ডাইলগটো ‘ Who cares Gangaram - গংগা ৰামে কাকো ভয় নকৰে ’  কিন্তু  ঠিকেই বুজে।

     কাকতিয়নীৰ ভনীয়েক ৰীতা আৰু বিশ্বাস কৰিব পৰা ভাৰাতীয়া বিজিতাৰ লগত কেইবালানিও  আলোচনা আৰু গৱেষণা মূলক কৰ্মশালা হৈ গৈছে।  দুই এটা আনুমানিক অৰ্থও  অৱশ্যে উদ্ধাৰ হৈছিল কিন্তু নাকচো হৈ গৈছিল। ৰীতাই প্ৰক্ষেপ কৰা এটা অৰ্থ কিছু পৰলৈ সৰ্বসন্মত হৈ আছিল। দি- মানে দিয়া বা দে । লাকা- কোনোবা ছোৱালী বা মাইকী মানুহৰ নাম। অৰ্থাৎ লাকাক কিবা বিছাৰিছে। কাকতিয়নীয়ে বুকুত শিলথৈ মানি লৈছিল। বামলা - মানে শুকান বৰালী মাছ। কা- মানে ভজা,পোৰা বা আঞ্জা জাতীয় কিবা হ'ব পাৰে। অৰ্থাৎ ভাত বা মদৰ লগত খাবলৈ লাকাক শুকান বৰালী মাছৰ ভাজি-তৰকাৰি আদি বিচৰা। কিন্তু এতিয়া নিজৰ ঘৰত থাকি  কাক কিয় তেনেকৈ কয় ? কিবা মাথাৰ গণ্ডগোল হোৱা নাইতো? 

     চাকৰি জীৱনৰ অধিক সময় কাকতিয়ে কহিমা, ইটানগৰ, বমডিলা,  শ্বিলং, আইজল, ডিফু, তুৰা, টাৱাং আদি পাহাৰীয়া ঠাইতেই কটালে। ডিব্ৰুগড় আৰু তেজপুৰতো অৱশ্যে চাৰি বছৰ মান আছিল। ঠাণ্ডা পাহাৰীয়া ঠাইবোৰত বেংকৰ নিৰস চাকৰি আৰু অকলশৰীয়া জীৱনে মানুহটোৰ স্বভাৱ আৰু চৰিত্ৰ দুয়োটা বেয়া কৰিলে। সন্ধিয়া মানেই যেন মদখোৱা সময়হে।

     ‌  ‍     কাকতিয়নী কাকতিৰ চাকৰি কৰা ঠাইত একেলগে থকাৰ মন আছিল যদিও ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি শহুৰ- শাহুৰ লগতে থাকিব লগা হ'ল। অৱশ্যে প্ৰায় সকলোবোৰ ঠাইতে বেঙ্কে দিয়া কোৱাৰ্টাৰত সপ্তাহ,মাহ চেৰেককৈ থাকি আহিছিল।

       কাকতি অৱসৰৰ পিছত তেজপুৰতে নিগাজীকৈ থাকিবলৈ ললে।সন্ধিয়া হ'ল কি নহ'ল , ঘৰত মন নবহে।কলৈ যাওঁ কি কৰোঁ  লাগে। এদিন ৰাতি ঘৰলৈ বাইকেৰে ঘূৰি আহোঁতে ৰিক্সাত খুন্দিয়াই লপা- থপা খোৱাৰ ওপৰিও প্ৰায়
 ৫০,০০০/- মান টকা ভৰিব লগা হৈছিল। আন এদিন আকৌ নলাত সোমাই পৰি থাকোতে বাৰুকৈয়ে পুলিচে পাই ঘৰত থৈ গৈছিল।বাৰলৈ যোৱা বাদ দি কেইদিন মান ঘৰৰ কাষৰ দোকান খনতে বহি দোকানীৰ লগতে কামটো কৰিছিল কিন্তু দোকানীৰ ফুটনিৰ লগতে ফকতত খোৱা সংগ বৃদ্ধি হোৱাত আজি কালি সন্ধিয়া ঘৰতে কামটো কৰে।বয়স হোৱা বাবে অলপ খালেই ডাইলগ বাহিৰ হৈ যায়।Who cares Gangaram..গঙ্গাৰামে কাকো ভয় নকৰে। আৰু এই আপদীয়া ডাইলগটো “ দি লাকা দি , বাম লাকা বাম” । আন সময়ত কিন্তু কেতিয়াও নকয়।
     শ্বিলঙৰ পৰা  তেজপুৰলৈ বদলি হৈ অহা বিজিতাৰ ভায়েক আজি বায়েকৰ ঘৰতে আছিল। সন্ধিয়া চাহ খাই থাকোঁতে বায়েকক সোধিলে-  
       " বা মালিক খাচীয়া মানু্হ নেকি ?”
   “ নহয়, অসমীয়া মানুহ, কিয় ?”
    " খাচীয়া ডাইলগ মাৰিছে অʼ "
   " কি নো?”
   “ দি লাকা দি, বাম....”
   “তাৰ অৰ্থটো জান নে?"
    “ খাওঅ  পিঅ' মৌজ কৰ "
 "অ হয় নেকি?" এই বুলি, চিংৰা চোবাই চোবাই "অ বাইদেউ ,অ বাইদেউ" কৈ চিঞৰি বাহিৰলৈ দৌৰ দিলে।
******

✍️দেৱ দাস
ঘৰপৰা চুবুৰি, তেজপুৰ
দূৰভাষ নং ৯৪৩৫৩৮০৯২৬.
***** 

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)