ভঙা হিয়াৰ কথা-অৰুপ হালৈ

Rinku Rajowar
0
নুশুনো আৰু অকণো
হিয়াৰ গজপত ,
কাহানিও নাসাচোঁ তোমাক
মোৰ হিয়াৰ গোপন কোণত ।
নোৱাৰো দাঙিবলে তোমাৰ
আপুচ মনৰ ভালপোৱাক ,
অপ্ৰাণ চেষ্টা কৰিছো
ৰোধিবলৈ অশ্ৰুৰ কল্লোলক ।
অগ্ৰহাতিশয্যৰে জ্বলাইছিলো
প্ৰেমৰ শলিতা গছি ,
কণকঠিয়াতে মাৰি ভালপোৱাক 
তৎপশ্চাৎ গ'লাগৈ গুচি ।
প্ৰেমৰ পীয়াসী আছিল
আলসুৱা হিয়া মোৰ ,
পিছে আজি দেখোন লাগিছে
অনিয়া-অনি হিয়া আৰু প্ৰেমৰ । 
তুমিয়েই আছিলা মাথোঁ
মোৰ প্ৰত্যাশা ,
সেয়ে কৰিছিলো ক'ত
তোমালে প্ৰতীক্ষা ।
অশ্ৰুধাৰাৰে ধোৱা
মোৰ শেঁতা বয়ন ,
নিতাল নিশাৰ 
তন্দ্ৰাহীন নয়ন ।
অশ্ৰুকণাৰে তিতিব লাগিছে
শিতানৰ গাৰুটি জোনাকী নিশাত ,
ধুৱলী-কুঁৱলী দেখো
চৌদিশে উষাত ।


নামঃ- অৰুপ হালৈ
জিলাঃ- বাক্সা (তামুলপুৰ)
ফোনঃ-৬৯০০৯৭৩৩৪৬

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)