ইচ্ছা এটাই এদিন দিগদাৰি
দিয়াতো সঁচা,
সিদিনা আমাক অৰণ্যৰ
পথ চিনাকি কৰি দিয়া
মানুহৰ অভাৱ নাছিল,
মহানগৰীৰ দালানত
বিদেশী মদিৰাত চুমুক দি
তেওঁলোকে কোনোবা অৰণ্যৰ
বাসিন্দা হোৱাটো কিয় বিচাৰিছিল
সেয়া দুৰ্বোধ্য৷
আমি সিদ্ধান্ত সলনি কৰিলোঁ
উত্তৰপুৰুষৰ বাবে
ভয়লগা অৰণ্য এখন উপহাৰ
নিদিয়াৰ স্বাৰ্থত আমিবোৰ ৰৈ গ’লো
গাঁৱত, কোনোবা সৰু চহৰত৷
আমাক বাট দেখুৱাব
সাজু হোৱা মানুহবোৰ
নাৰাজ হ’ল,
আমাক বহিষ্কাৰ কৰিলে
তেওঁলোকৰ মনৰ পৰা৷
নতুন কাৰোবাক
প্ৰলোভন দিলে
কোনোবা গ’ল, কোনোবা ৰ’ল
কাৰোবাৰ বুকু চিৰদিনলৈ শুদা হ’ল৷
সেই দালানত থকা
মানুহবোৰ একেই থাকিল
মাথো তেওঁলোকৰ দালানৰ
সংখ্যা বাঢ়িল
আমিবোৰো তেনেকৈয়ে আছোঁ
মন গলেই সেই মানুহবোৰক
গালি দিব পৰা হৈ আছোঁ,
চকুত চকু থৈ তেওঁলোকক চকু তললৈ নমাবলৈ বাধ্য কৰাব পৰা হৈ আছোঁ..
✍️প্ৰণৱ চক্ৰৱৰ্ত্তী
নলবাৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ