পৃথিৱী-দীক্ষা বৰুৱা

©Admin
0
এই যে পৃথিৱীখনি 
সৌন্দৰ্যৰ লীলাভূমি
যেনি চাওঁ তেনি 
লাগে চকুত  চমক্,

গাঁও-ভূঁই , ঘৰ-বাৰী   
দেখো শাৰী শাৰী
তাৰ মাজত থাকে 
আকৌ তামোল বাৰী
শুভা যায় বাঢ়ি।

নদ-নদী সৰোবৰ
গিৰি-গুহা মনোহৰ
গছ-পাতে, ফুলে-
ফলে ৰমকজমক্।

এই মাটি , জলবায়ু
সোণৰ চপৰা তাতে
পাওঁ শস্যপূৰ্ণ ধৰণীত
নদন-বদন ধাৰা ।

গছ-লতা , পশু-পক্ষী
নৰ- নাৰী , গিৰি-নদী
পৃথিৱীত কোনো 
কাৰো নাযায় লগত ,

ইমান সুন্দৰ কৰি 
মুনিহ তিৰোতা গঢ়ি 
যিজনে কৰিলে স্ৰজন 

তাতে আছে বহুজন
শক্তিমান , বুদ্ধিমান 
বিচাৰিলে ওলাব 
কৰ'বাত আকৌ এজন ?

      ✍️দীক্ষা বৰুৱা 
              নামৰূপ 
            নৱম শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)