শৰ্মিলা আৰু শিশু দিৱস-বৰ্ণালী পাটগিৰি গোহাঁই

Rinku Rajowar
0
১৪ নবেম্বৰ । সকলোৱে জানে এই  তাৰিখ মহান এটা দিন, শিশু সকলৰ বাবে । ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰু শিশুসকলৰ বাবে বৰ প্ৰিয় আছিল। তেওঁ শিশুসকলক কৰা মৰমৰ বাবেই তেওঁকো ভাল পাইছিল। সেয়ে জৱাহৰলাল নেহৰুৰ জন্ম দিনটোত শিশু দিৱস হিচাপে আমাৰ গোটেই ভাৰতবৰ্ষতে পালন কৰা হয়।আজি এই দিৱস পালন কৰিবৰ বাবে শৰ্মিলা ঘৰৰ ওচৰত থকা ডাঙৰ খেলপথাৰত কালিৰে পৰা যোগাৰ কৰিছে কিছুমান মানুহে। শৰ্মিলাই কিন্তু একো বুজিব পৰা নাই ।আইতাকক তাই সুধিছে ,আইতা ইয়াত কিবা পাতিব কাইলৈ ভাত কেইটা ভালকৈ খাব পাম । তুমি মালিকৰ ঘৰৰ পৰা মোলৈ একো নানিলেও হ'ব। তুমি কাইলৈ মোৰ বাবে ভাত বিচাৰি গালিও খাব নালাগে নহয় নে আইতা? আইতাকে ক'লে জানো কি পাতিছে আকৌ  আৰু ত‌ইনো কেনেকৈ যাবি তাত । যদি খেদি পঠিয়াই। নহয় আইতা ম‌ই পেলাই দিয়া খিনি ওচৰত থাকিম তেতিয়া কোনেনো কিবা ক'ব । তেওঁলোকে পেলাই দিয়া বোৰে,,,,,,। আইতাকে তাক মনে মনে আশীৰ্বাদ কৰিলে ত‌ই কোনো মতে ডাঙৰ হ অ' আই এনেকৈ খাই।
      শৰ্মিলা এটি আঠবছৰীয়া শিশু । আইতাকে তাক এটা জাৱৰ দমৰপৰা তুলি আনিছিল। ই হয়তো কোনোবা মিছা প্ৰেমৰ বা ধৰ্ষণৰ বলি হোৱা নাৰীৰে সন্তান। সেইদিনা মালিকৰ ঘৰত কাম কৰি অহা দেৰি হৈছিল । আন্ধাৰ ৰাতি আছিল যিহেতু শীতৰ  কুৱঁলী পৰি চাৰিওফালে কুঁৱলীয়ে নেদেখা হৈ পৰিছিল আৰু এই আন্ধাৰৰ সুযোগ লৈয়ে এই কেঁচুৱা টোক এখন ধুনীয়া নতুন অলপ পাতল কম্বলেৰে মেৰিয়াই পেলায় থৈ যায়। তেওঁ আহি থাকোঁতে ৰাস্তা দাঁতিত পৰি থকা জাবৰৰ দমৰ ওপৰত এখন ধুনীয়া কাপোৰ থকা দেখি ওচৰলৈ যায় কিনো  বুলি কাৰণ তেওঁৰো অভ্যাস আছে জাৱৰৰ দম খুচৰা কাৰণ কেতিয়াবা বহুতো ভাল ভাল কাপোৰ বা অন্য বস্তু পোৱা যায় । তেওঁ লাহেকৈ কাপোৰ খন দাঙি লৱ ল‌ওঁতেই কেঁচুৱাটো ওলাই পৰে আৰু আন্ধাৰত তাৰ চকুযুৰিৰে আইতা লৈ চাই আছিল। তেওঁ পোনেই তাক কোলাত তুলি লয় আৰু খৰখেদাকৈ নিজৰ পথৰ দাঁতিত থকা অকণমানি ভঙা ছিঙা পঁজালৈ নিয়ে। আজিৰপৰা তেখেতৰ এটি নাতি হ'ল । 
           শৰ্মিলা আইতাকৰ কোনো সন্তান নাছিল । আইতাৰ বয়স ৫০ মান হৈছে। যদিও সন্তান নাছিল ৰামু ককাকৰ লগত সুখেৰে খাই আছিল । ৰামু ককাই এখন হোটেলতে কাঁহী বাটি ধোৱা কাম কৰিছিল আৰু আইতাইও লগতে তাতে কাম কৰিছিল। দুয়ো ঘৰ বুলিবলৈ নাছিল হোটেলৰ পৰা অলপ দূৰত পথৰ দাঁতিত কিছুমান ফটা কাপোৰ বস্তা আদিৰে বেৰা দি ওপৰত পাতল টিংপাত দুখিলা মান লগাই তেনেকৈ থাকিব লৈছিল । শৰ্মিলা ক পোৱা দুমাহ মানৰ আগত ককা হাপানী ৰোগত মৃত্যু হয়।আইতা অকলশৰীয়া হৈ পৰে। আইতাৰো আগৰ দৰে হোটেল ত কাম কৰিব মন নোযোৱা হ'ল আৰু তেতিয়াই হোটেলৰ মালিকে তেখেতৰ ঘৰত গৈ কাম কৰিব কয়। যিহেতু ৰামু ককা আৰু আইতা তেওঁলোকৰ বিশ্বাসী মানুহ আছিল। মালিক জনেও তেওঁলোকক মৰম কৰিছিল। কিন্তু মালিকৰ পৰিয়ালৰ মানুহ বোৰ মৰমিয়াল নহয়। আইতা শৰ্মিলাই খাবলৈ কিবা বিচাৰিলে বৰ ভেকাহি মাৰে আৰু এইবোৰ শৰ্মিলাই জনাপৰা দেখি আহিছে। আইতাই তাইক নিজে নাখাইও খুৱাই। খুব কষ্টৰে তাইক ইমান জনী কৰিছে।তাইও ডাঙৰ হ'ব আৰু এদিন এই মালিকপক্ষ মানুহৰ ঘৰৰ
কাম কৰা ছোৱালী হ'ব।

      শিশু দিৱস পতাটো আচলতে মানুহৰ চখ নে । পেন্দেল তৰি কিছুমান ধনী মানুহৰ ল'ৰা ছোৱালী য়ে নাচ গান কৰিব, ছবি বনাব আৰু তেওঁলোকক লৈ বা:  বা: গাব । কিন্তু পথৰ দাঁতিত পৰি থকা শিশুবোৰ ,অনাই বনাই ঘূৰি ফুৰা প্লাষ্টিক ,ভঙা বটল বিচৰা সকল!!! গাওঁত অতি নিম্ন বিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী যাৰ প্ৰতিভা বহুত টকা অভাৱত আগবাঢ়িব পৰা নাই তেওঁলোক!!!  আপোনা লোকৰ যদি প্ৰকৃত মানসিকতা আছে নগৰ ফুটপাথৰ ল'ৰা ছোৱালীক লৈ এদিনৰ কাৰণে হ'লেও কিবা এটা খাবলৈ দিয়ক নাইবা দেশৰ উন্নতি কৰিবলৈ বিচাৰে যদি তেওঁলোকৰ বাবেও শিক্ষা ব্যৱস্থা কৰক আৰু যি সকল নিম্ন বিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী প্ৰতিভা বিকাশ কৰাত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰক। এনে কামে শিশু দিৱসৰ উদ্দেশ্য সফল হ'ব। শৰ্মিলা আৰু কোনো অন্য শিশু মাজত পাৰ্থক্য নাথাকিব।

    ✍️ বৰ্ণালী পাটগিৰি গোহাঁই
মোহনবাৰী, ডিব্ৰুগড়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)