কপাহ কোমল পাখি
বলিয়া জিঞাৰ দৰে উৰি উৰি ফুৰে
সৰু সৰু মানুহৰ হেঁপাহবোৰে
খিলখিলাই হাঁহে
সিহঁতৰ উশাহত স্বপ্ন বনৰ জেউতি চৰে
সৰু সৰু মানুহবোৰে তেজ মাৰি কাম কৰে
স্বাধীনতাৰ চৰ্তহীন স্বত্বৰে
গছৰ তলত শুই বহলাই উশাহ লয়
আকাশৰ পানী নেওঁতা আঁওৰাই মৌচেপা কন্ঠৰে
সৰু সৰু মানুহৰ মসৃণ সপোনবোৰে
বাগৰ সলায়
বতৰৰ ববছা বনত বকুল বাগৰাৰ দৰে
সৰে ফুলে, ফুলে সৰে
বননি বিয়পায়
তথাপি নিজৰ গোন্ধ নেহেৰায়
সৰু সৰু মানুহৰ কথাবোৰত শিপা গজে
পৃথিৱীখন খামুচি ধৰাৰ অদম্য বাসনাৰে
চতুৰ সময়ে গছত তুলি গুৰি কাটে
জলকুৱঁৰীৰ সোণালী কুঠাৰে
ওখ মানুহবোৰে হাত চুটি মানুহক চুই
চাব খোজে স্পৰ্শৰ অতীত
সৰু সৰু সপোনবোৰ দুভৰিৰে মোহাৰি নিওঁতেই
সপোনবোৰ কঠিন শিলতকৈও কঠোৰ হৈ পৰে
দুখবোৰ জৰজৰকৈ খহে
চকুত জুই জলে
ৰঙা জুই জলে।
✍️ববী দত্ত, টিয়ক