"জানা নে মালতী! সৰুতে মই ভাত খুৱাই নিদিলে সি ভাতেই নাখাইছিল। মই কাষত নহ'লে তাৰ টোপনিয়েই নাহিছিল। কিন্তু আজিকালি চোৱা, সি মোৰ ফালৰ ঘূৰিয়ে নাচায়। ঘৈণীয়েকৰ সৈতে নতুন গাড়ীত ঘূৰি ফুৰে, ৰুমৰ ভিতৰত নানান ধৰণৰ বস্তু খাই থাকে। এবাৰ তাৰ এই মাকজনীলৈ মনত নপৰেনে? আজি বোলে ঘৰত বিষ্ণু পূজা পাতিছে, মোক ৯ বজাত ঘৰ গৈ পোৱাকৈ যাবলৈ দিছে। প্ৰথমতে ভাবিলোঁ, যাব লাগিব ঘৰত পূজা এভাগ পাতিছে। মই মুৰব্বীজন নহ'লে কেনেকৈনো হ'ব? তাৰ পাছতহে মনত পৰিল, মই চোন ঘৰৰ মুৰব্বীয়ে নহয়। পূজাখন পতা-নপতাৰ সিদ্ধান্ত যিহেতু মই নোহোৱাকৈ ল'ব পাৰিছে, গতিকে মই উপস্থিত নাথাকিলেও তাৰ পূজা সুকলমে পাৰ হৈ যাব।"