দীপাৱলী-মুন শৰ্মা

পংখী মৰাণ
0
উৎসৱ পোহৰৰ দীপাৱলী সমাগত
অন্ধকাৰ পদূলি শলিতাত উজ্বলে
হেঁপাহেৰে আনন্দত মনবোৰো উজ্বলে
হাঁহি-নাচি উলাহেৰে দীপাৱলী উদযাপন
অ'তদিন অপেক্ষাৰ অন্তৰ ইংগিত
উদযাপনৰ ধুমুহাত উৰি যায় কথাবোৰ
বাৰে বাৰে  প্ৰতি খোজে
সীমা চেৰাই গুচি যায়
বাতাবৰণ বিনষ্ট পৰিৱেশ অনিষ্ট
প্ৰদূষিত পৃথিৱী কাণসাৰ কাৰো নাই
হয় আছে অধিকাৰ উদযাপন আনন্দৰ
নাই কোনো অধিকাৰ পৰিৱেশ অনিষ্টৰ
ভাবাচোন কথাবোৰ এখন্তেক এপলক
পৰিৱেশ সুস্থতা  দায়িত্ব যে আমাৰেই
পৰিৱেশ অসুস্থ বিপদাপন্ন আমিবোৰ
ভুলবোৰ আমাৰেই চিকাৰ হওঁ আমিবোৰ
ভাবি গুণী কথাবোৰ সতৰ্কতাৰ প্ৰয়োজন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)