উত্তৰঃ অৰ্থনীতি শব্দটো গ্ৰীক শব্দ Oikonomia' ৰ পৰা অনা হৈছে।
২ । অর্থনীতি শব্দটো কোনটো শব্দৰ পৰা লােৱা হৈছে ?
উত্তৰঃ অৰ্থনীতি শব্দটো Oikonomia' শব্দৰ পৰা লোৱা হৈছে।
৩ । অর্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন ?
উত্তৰঃ অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হ'ল Adam স্মিথ।
৪ । অর্থবিজ্ঞান সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?
উত্তৰঃ অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো স্মিথে আগবঢ়াইছিল।
৫। অর্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?
উত্তৰঃ অৰ্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো কেমব্ৰিজ অৰ্থনীতিবিদ মাৰ্ছেলে আগবঢ়াইছিল।
৬ | অর্থবিজ্ঞানৰ দুষ্প্রাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল ?
উত্তৰঃ অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো লয়'নেল ৰবিন্সে আগবঢ়াইছিল।
৭ । এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰঃ এডাম স্মিথে ১৭৭৬ চনত An enquiry into the nature and causes of the wealth of nations' ত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল।
৮ । আলফ্রেড মাছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰঃ আলফ্ৰেড মাৰ্ছেলে ১৮৯০ চনত Principles of Economics' ত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।
৯ । লায় ’ নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰঃ লায়'নেল ৰবিন্সে An essay on the nature and significance of economic science' ত ১৯৩২ চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।
১০ । এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল ?
উত্তৰঃ এডাম স্মিথৰ সংজ্ঞাটোক কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী বুলি কৈছিল।
১১ । দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছে ?
উত্তৰঃ দক্ষতাৰ ওপৰত গুৰুত্ব দি ছেমুৱেলছন আৰু নৰ্দহাছে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।
১২ । কোনাে বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয় ?
উত্তৰঃ কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয়।
১৩ । উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয় ?
উত্তৰঃ উৎপাদনৰ উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয়।
১৪ । 'Micro ' আৰু 'Macro' শব্দ দুটা কোন দুটা শব্দৰ পৰা লােৱা হৈছে ?
উত্তৰঃ Micro' শব্দটো গ্ৰীক শব্দ Mikros' ৰ পৰা আহিছে যাৰ অৰ্থ হ'ল সৰু'। আৰু Macro আহিছে, makros পৰা। যাৰ অৰ্থ ডাঙৰ বা দীঘল
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ